কাইলৈ অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা কাইলৈ অনুষ্ঠিত হ’ব। পৰীক্ষা নিয়াৰিকৈ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ থকা জিলাসমূহত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে।

এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা হ’বলগীয়া কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত অনুমতি নোহোৱাকৈ কোনো ব্যক্তিৰ প্ৰৱেশ বা অপ্রয়োজনীয় সমাৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰা হৈছে। কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো ধৰণৰ বাহন চলাচল বা পার্কিং কৰিব নোৱাৰিব।

পৰীক্ষা পৰিচালনাৰ সৈতে জড়িত কোনো কৰ্তৃত্বপ্রাপ্ত ব্যক্তিয়ে পৰীক্ষাৰ্থীসকলক কোনো ধৰণৰ অসৎ উপায়েৰে সহায় কৰিব নোৱাৰিব। পৰীক্ষা কেন্দ্ৰসমূহত ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত কোনো অস্থায়ী দোকান-পোহাৰ খুলিবলৈ দিয়া নহ’ব। এই নির্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে আইনগতভাৱে শাস্তি প্ৰদান কৰা হ’ব বুলিও নির্দেশনাত উল্লেখ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।