অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়ে আজি শোণিতপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত অহা ৮ জুনত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰে। জিলা আয়ুক্ত অংকুৰ ভৰালী, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থ, প্ৰমুখ্যে জ্যেষ্ঠ বিষয়াসকল উপস্থিতি আয়োজিত বৈঠকত পৰীক্ষা কেন্দ্ৰৰ তত্বাৱধায়ক, দণ্ডাধীশ, পৰীক্ষা নিৰীক্ষক, আৰক্ষী বিভাগ, ডাক বিভাগ আৰু এ পি ডি চি এলৰ কৰ্মচাৰীসকলৰ ভূমিকা, দায়িত্ব আৰু সমন্বয় সন্দৰ্ভত বিশদ আলোচনা কৰা হয়। অধ্যক্ষ শ্রীউপাধ্যায়ে সকলো অংশীদাৰক নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ২০২৪ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা শোণিতপুৰ জিলাৰ তিনিটা কেন্দ্ৰত অনুষ্ঠিত হ’ব।
Assamese | May 29, 2025 7:13 PM | Akashvani Guwahati | Akashvani News | APSC
শোণিতপুৰ জিলা আয়ুক্ত কাৰ্যালয়ত ৮ জুনত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়ৰ পর্যালোচনা বৈঠক