অহা ৫ জুলাইত হ’বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। এই পৰীক্ষা স্বচ্চ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নীৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো এ পি এছ চি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে।
Assamese | June 30, 2026 7:05 PM | APSC
অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ