ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যপালৰ অনুমোদন সাপেক্ষে আজি অসম চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। উল্লেখযোগ্য যে ভাৰত ভূষণ দেৱ চৌধুৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদটো খালী হৈ আছিল। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত দুগৰাকী বিষয়া মৃগেশ নাৰায়ণ বৰুৱা আৰু ভাস্কৰ ফুকনে বৰ্তমান অসম লোকসেৱা আয়োগৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।
Assamese | January 7, 2025 8:58 PM | Akashvani Guwahati | APSC | Assam
দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি