July 2, 2026 11:32 AM | APSC

printer

অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ

অহা ৫ জুলাইত হ’বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ১৬৩ নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে ।

এই পৰীক্ষা স্বচ্চ আৰু শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি-নির্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

তেজপুৰতো এ পি এছ চি পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ’বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নির্দেশ দিছে।

নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্রাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মার্ট ঘড়ীকে ধৰি কোনো ধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।