অসম লোকসেৱা আয়োগত ধনৰ বিনিময়ত চাকৰি লোৱাৰ গোচৰৰ অভিযোগনামাত নতুনকৈ নাম সন্নিৱিষ্ট হোৱা ১০ জনকৈ ৰাজপত্রিত বিষয়া আজি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ হয়। আদালতে সকলো দিশ পৰ্যৱেক্ষণৰ অন্তত আটাইকেইগৰাকীৰে জামিন মঞ্জুৰ কৰে। আনহাতে অভিযোগনামাত নাম থকা আন ৭ জন বিষয়াই পৰৱৰ্তী শুনানিত হাজিৰ হোৱাৰ বাবে আদালতত আবেদন দাখিল কৰে। ৮ অক্টোবৰত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে।
Assamese | October 1, 2024 7:07 PM | APSC
অসম লোকসেৱা আয়োগৰ ১০ জন ৰাজপত্রিত বিষয়া বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ