অসম লোকসেৱা আয়োগে ২০২৫ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা

অসম লোকসেৱা আয়োগে ২০২৫ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক মূল পৰীক্ষাৰ দিন ঘোষণা কৰিছে।

এই অনুসৰি অহা ৯, ১০ আৰু ১১ অক্টোবৰত গুৱাহাটীৰ বিভিন্ন কেন্দ্ৰত পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব।

পৰীক্ষাৰ্থীসকলে অসম লোকসেৱা আয়োগৰ ৱেবছাইট www.aspc.nic.in-ৰ জৰিয়তে অহা ১৮ আৰু ১৯ ছেপ্তেম্বৰত প্ৰৱেশ পত্র ডাউনলোড কৰিব পাৰিব।