অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত এতিয়াৰ পৰা অসমীয়াতো প্ৰস্তুত কৰাৰ বাবে অসম মন্ত্রীসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। মন্ত্রীসভাই দুর্গা পূজা উপলক্ষে অসম চাহ নিগমৰ অধীনৰ চাহ বাগিছাৰ শ্ৰমিকসকলক ২০ শতাংশ বোনাচ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তদুপৰি অসম মন্ত্রীসভাই ২৬০ কোটি টকাৰ ব্যয়ৰে সোণাপুৰত দশম অসম আৰক্ষী বেটেলিয়ন স্থাপনত অনুমোদন জনাইছে। গুৱাহাটীত নিৰ্মাণ হৈ থকা ৫০০০ খন আসন যুক্ত জ্যোতি- বিষ্ণু প্রেক্ষাগৃহৰ পৰিচালনাৰ দায়িত্ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সমিতিৰ হাতত ন্যস্ত কৰাৰ বাবেও অসম মন্ত্রীসভাই সিদ্ধান্ত লৈছে। অৱশ্যে প্ৰেক্ষাগৃহৰ নিয়মীয়া চোৱা-চিতাৰ কাম লোকনিৰ্মাণ বিভাগে অব্যাহত ৰাখিব। অসম বিজ্ঞান, প্রযুক্তি আৰু পৰিৱেশ পৰিষদৰ জৰিয়তে নিয়োজিত ৬৫ গৰাকী বিজ্ঞান আৰু গণিত সহায়কৰ পাৰিতোষিক বৃদ্ধি, ছুটী আদিৰ ক্ষেত্ৰতো মন্ত্রীসভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বিজ্ঞান আৰু গণিত সহায়ক সকলক আন কৰ্মচাৰীৰ দৰে চি পি এফ আৰু বাৰ্ষিক ৫ শতাংশ দৰমহা বৃদ্ধিৰ সুবিধাও লাভ কৰিব।
Assamese | September 22, 2025 11:42 AM | APSC
অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰশ্নকাকত অসমীয়াতো প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ অসম মন্ত্রীসভাৰ