তিনিচুকীয়া আৰক্ষীৰ দুজন আলফা সদস্যক গ্ৰেপ্তাৰ

তিনিচুকীয়া আৰক্ষীয়ে জিলাখনত কুটাঘাতৰ পৰিকল্পনা কৰা দুজন আলফা সদস্যক কালি গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে কালি দুপৰীয়া ম্যানমাৰৰ পৰা অৰুণাচল হৈ অসমত প্ৰৱেশ কৰা আলফা স্বাধীনৰ স্বয়ম্ভু ছেকেণ্ড লেফটেনেন্ট চিঞৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা আৰু মনোজ অসম ওৰফে পাপু মৰাণক আৰক্ষীয়ে জাগুনত বুজন পৰিমাণৰ অস্ত্র-শস্ত্রসহ গ্ৰেপ্তাৰ কৰে।

ধৃত লোক দুজনৰ পৰা আৰক্ষীয়ে দুটা এ কে ৫৬ ৰাইফল, ১৭২ ৰাউণ্ড গুলী, দুটা গ্রেনেডকে ধৰি ভালেমান আপত্তিজনক সামগ্রী জব্দ কৰিছে। আৰক্ষীয়ে আলফা সদস্য দুজনক তিনিচুকীয়াত জেৰা কৰি আছে।

এই সন্দৰ্ভত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে এখন সংবাদমেলত কয়, যে আলফা সদস্য দুজনে জিলাখনত কূটাঘাত সৃষ্টিৰ অভিসন্ধি কৰিছিল। এই দুয়োজন সদস্য পূর্বে জাগুনৰ বেটেলিয়ান ছাউনীত আক্ৰমণ আৰু অপহৰণ কাণ্ডৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে কয়।