ৰাজ্য চৰকাৰে ৰাজ্যৰ চাহ খেতিয়কসকলৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ লৈছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ৰাজ্যৰ চাহ খেতিয়কসকলৰ বাবে গুৰুত্বপূর্ণ পদক্ষেপ লৈছে। এই অনুসৰি এতিয়াৰে পৰা চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তর্ভুক্ত কৰা হ’ব। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰি কয়, যে ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্র চাহ খেতিয়কসকলে সহজে চৰকাৰী সেৱা আৰু সুবিধা লাভ কৰিব পাৰিব।

তেওঁ কয়, যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিগৰাকী চাহ খেতিয়কে কৃষক হিচাপে পৰিচয়পত্র লাভ কৰিব আৰু একেটা প্লেটফৰ্মৰ মাধ্যমেৰে সাৰ, চৰকাৰী আঁচনি, প্রয়োজন ভিত্তিক সহায় আৰু কৃষি সম্পর্কীয় সুবিধা লাভ কৰিব পাৰিব।

ইয়াৰ ফলত ঋণ লাভৰ সুযোগ বৃদ্ধি পাব আৰু মধ্যভোগীৰ শোষণৰ পৰা খেতিয়কসকলে সুৰক্ষা লাভ কৰিব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰতিগৰাকী চাহ খেতিয়কক শীঘ্ৰে কৃষক পৰিচয় পত্র সংগ্ৰহ কৰি চৰকাৰৰ এই ডিজিটেল সুবিধাসমূহৰ পূৰ্ণ লাভ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।