অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জল সম্পদ বিভাগৰ চাকৰিৰ নামত প্রবঞ্চনা কৰা এটা চক্রক উৎখাত কৰিবলৈ সক্ষম হৈছে। ভুৱা নিযুক্তিৰ এটা ঘটনাত অপৰাধ অনুসন্ধান বিভাগে শেহতীয়াকৈ নলবাৰীৰ গুণমণি বৈশ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে।
ইয়াকে লৈ জল সম্পদ বিভাগৰ ভুৱা নিযুক্তিৰ গোচৰত এতিয়ালৈকে মুঠতে ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। চি আই ডিৰ তথ্য অনুসৰি চক্ৰটোৱে চাকৰি দিয়াৰ প্ৰতিশ্রুতি দি বহু নিবনুৱাৰ পৰা হাজাৰৰ পৰা লাখ টকালৈকে সংগ্ৰহ কৰিছে।
অভিযুক্ত লোককেইজনে ভুৱা নিযুক্তি পত্ৰ, নকল চৰকাৰী ছীল আদি ব্যৱহাৰ কৰি চাকৰি প্ৰত্যাশী যুৱক-যুৱতীসকলক প্ৰতাৰণা কৰিছিল। অপৰাধ অনুসন্ধান বিভাগে জনসাধাৰণক চৰকাৰী চাকৰিৰ বিষয়ে জানিবলৈ সদায় চৰকাৰী মাধ্যমৰ ব্যৱহাৰ কৰিবলৈ আৰু চাকৰিৰ নামত কাকো ধন নিদিবলৈ আহ্বান জনাইছে।