আঞ্চলিক সংবাদ

June 26, 2026 7:38 PM

views 12

চৰাইদেউত অগ্নিবীৰ নিযুক্তি প্রক্ৰিয়াৰ ষষ্ঠ প্রস্তুতি শিবিৰ সফলতাৰে সম্পন্ন

চৰাইদেউ জিলাৰ যুৱক যুৱতীসকলক ভাৰতীয় সেনা বাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে আজি লাকুৱা নাহৰ হাবি চাহ বাগিচাত অগ্নিবীৰ নিযুক্তি প্রক্ৰিয়াৰ ষষ্ঠ প্রস্তুতি শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰত প্ৰাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিকভাবে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰ পৰা ভা...

June 26, 2026 7:34 PM

views 7

পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা

ৰাজ্যৰ ১২খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্রাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰিক্ষাৰ্থীসকলে এডমিট কার্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰিক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ...

June 26, 2026 7:32 PM

views 9

আজি আন্তর্জাতিক মাদক দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি আন্তর্জাতিক মাদক দ্ৰব্যৰ অপ-ব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱসৰ লগত সংগতি ৰাখি ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মাদকদ্রব্যৰ অপব্যৱহাৰ ক্ৰমান্বয়ে গোলকীয় প্রত্যাহ্বানলৈ পৰিণত হৈছে। মাদক দ্রব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা অধিক শক্তিশালী কৰাৰ উদ্দে...

June 26, 2026 7:28 PM

views 14

চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্রাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন মন্ত্ৰী চৰণ বড়োৰ

পৰিবহন মন্ত্ৰী চৰণ বড়োৱে আজি কামৰূপ মহানগৰ পৰিবহন বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ চালকৰ অনুজ্ঞাপত্ৰৰ বাবে ড্রাইভিং টেষ্ট ব্যৱস্থা পৰিদৰ্শন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয় যে এতিয়াৰে পৰা অনুজ্ঞাপত্ৰৰ বাবে বাহন চলোৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাটো বাধ্যতামূলক। পৰীক্ষাত উত্তীর্ণ নহ'লে অনুজ্ঞাপত্ৰ লাভ ...

June 26, 2026 1:57 PM

views 28

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ’বঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

২০২৮ চনৰ ভিতৰত অসমক ১০ লাখ কোটি টকাৰ অৰ্থনীতিলৈ উন্নীত কৰাৰ লক্ষ্যৰে এইবাৰ বাজেট প্ৰস্তুত কৰা হ'ব। ২০২৬-২৭ বিত্তীয় বৰ্ষৰ বাজেট প্ৰস্তুতিৰ অংশ হিচাপে কালি গুৱাহাটীৰ লোকসেৱা ভৱনত ১৩ টা বিভাগত বাজেট প্রস্তাৱৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এইদৰে মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকী...

June 26, 2026 1:52 PM

views 23

ৰাজ্য চৰকাৰৰ পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ

কৃষিমন্ত্ৰী পীযূষ হাজৰিকাই ৰাজ্য চৰকাৰে পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা ৪০ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে বুলি প্ৰকাশ কৰিছে। ৰাজ্যত বৰ্তমান ২৬ লাখ ৫০ হাজাৰ পঞ্জীয়নভুক্ত কৃষক আছে। পঞ্জীয়নভুক্ত কৃষকৰ সংখ্যা আৰু অধিক হ'ব লাগে যদিও আনৰ মাটি আধিয়া লৈ খেতি কৰা কৃষকে নাম পঞ্জীয়ন কৰিব নোৱাৰাৰ বাবে এই সংখ্যা ক...

June 26, 2026 1:45 PM

views 23

প্রধানমন্ত্ৰী সূৰ্যঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অসমৰ স্থান লাভ

অসমে প্রধানমন্ত্ৰী সূৰ্যৰ্ঘৰ আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান লাভ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা সদৰি কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী সূৰ্যৰ্ঘৰ বিনামূলীয়া বিদ্যুৎ বিজুলী যোজনাৰ সফল ৰূপায়ণে অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ মাজত...

June 25, 2026 9:54 PM

views 21

বৰপেটা জিলাৰ উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ বৈঠক

● কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো বিভাগক সমন্বয় ৰক্ষা কৰি আঁচনিসমূহৰ কাম ৰূপায়ণ কৰিবলৈ বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে আহ্বান জনাইছে। জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত সাংসদগৰাকীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত বৰপেটা জিলাৰ উন্নয়ন, সমন্বয় আৰু নিৰীক্ষণ সমিতিৰ এখন বৈঠকত অংশগ্ৰহণ কৰি তেওঁ এইদৰে কয়। এই বৈঠকত বৰপেটা...

June 25, 2026 9:01 PM

views 40

আজি নিশা ১২:২:১৩ বজাত অম্বুবাচী মেলাৰ নিবৃত্তি

আজি নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্রতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি-নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পিছতে ভক্ত আৰু তীর্থ যাত্রীসকলে কামাখ্যা দেবীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতিবছৰৰ ...

June 25, 2026 8:25 PM

views 12

ৰাজ্যৰ পাঁচখন সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ নির্দেশ বাহাল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

● গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্যৰ লুটুমাই সংৰক্ষিত বনাঞ্চল, দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চল, দৈয়াং সংৰক্ষিত বনাঞ্চল, যমুনা মৌডংগা সংৰক্ষিত বনাঞ্চল আৰু বৰপানী সংৰক্ষিত বনাঞ্চলৰ পৰা দখলকাৰীক উচ্ছেদৰ নির্দেশ বাহাল ৰাখিছে। কেইবাশ লোকে দাখিল কৰা আপীল আবেদন নাকচ কৰি আজি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ ...