আজি নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ’ব। সম্প্রতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ’ব।
আধ্যাত্মিক ৰীতি-নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পিছতে ভক্ত আৰু তীর্থ যাত্রীসকলে কামাখ্যা দেবীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব।
প্ৰতিবছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পর্যবশিত হৈছে।
কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ দেৱীৰ সেৱা কৰিব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
ভক্তৰ সুবিধাৰ অৰ্থে কাইলৈ আৰু পৰহিলৈ ৫০১টকীয়া টিকটৰ জৰিয়তে কৰা বিশেষ দৰ্শনৰ ব্যৱস্থা নাথাকিব।
একেদৰে, অহা ৩০ জুনলৈ ভি আই পি আৰু ভি ভি আই পিৰ বাবেও দৰ্শনৰ কোনো ব্যৱস্থা নাথাকিব। উল্লেখযোগ্য যে কাইলৈ দেৱী দৰ্শনৰ বাবে সমবেত দর্শনার্থীসকলৰ সুবিধার্থে বংশীবাগানত অস্থায়ী জিৰণি চ’ৰা আৰু চিকিৎসা সেৱা, প্ৰস্ৰাৱাগাৰ, খোৱাপানীৰ সুব্যৱস্থা কৰা হৈছে।
কাইলৈ আৰু পৰহিলৈৰ বাবে মন্দিৰ দৰ্শনৰ ক্ষেত্রত দর্শনার্থীক টাকেন দিয়া হ’ব।