June 25, 2026 9:01 PM

views 36

আজি নিশা ১২:২:১৩ বজাত অম্বুবাচী মেলাৰ নিবৃত্তি

আজি নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্রতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি-নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পিছতে ভক্ত আৰু তীর্থ যাত্রীসকলে কামাখ্যা দেবীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতিবছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পর্যবশিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনো ধৰণৰ অসু...

June 24, 2026 1:26 PM

views 15

অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ-বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে

অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ-বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ অহা ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল-সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায়-সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্...

June 23, 2026 1:54 PM

views 15

আজিৰেপৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰেপৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ-বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু-সন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগ...

June 21, 2026 6:52 PM

views 18

অম্বুবাচী মেলা উপলক্ষে সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত মহানগৰীৰ উপআৰক্ষী আয়ুক্তৰ নীতি-নির্দেশনা জাৰি 

শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত নীতি-নির্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষার্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নির্দেশনা জাৰি কৰা হৈছে। তদুপৰি বিদ্যালয়লৈ আহ-যাহ কৰা বাহন, অগ্নিনির্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সূচল আহ-যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। কাইলৈৰ প...

June 21, 2026 12:09 PM

views 17

শক্তিপীঠ কামাখ্যা দেৱালয়ত সোমবাৰৰ পৰা অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে সোমবাৰে নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্রবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্রতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ-বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কর্তৃপক্ষই আশা প্রকাশ ক...

June 14, 2026 12:32 PM

views 19

শক্তিপীঠ কামাখ্যা দেৱালয়ত ২২ জুনৰ পৰা অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কর্তৃপক্ষই প্ৰকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্রবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী উপলক্ষে নীলাচলত দেশ-বিদেশৰ ভক্তৰ সমাগম হৈছে।

June 12, 2026 6:23 PM

views 19

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূর্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ-বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আ...