শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া অম্বুবাচী মেলা উপলক্ষে মহানগৰীৰ উপ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ৰ তৰফৰ পৰা সাধাৰণ নাগৰিকৰ যাতায়াত সন্দৰ্ভত নীতি-নির্দেশনা জাৰি কৰা হৈছে। ভক্তসকল, বিশেষকৈ শিশু, শিক্ষার্থী, মহিলা, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলকে ধৰি জনসাধাৰণৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই নির্দেশনা জাৰি কৰা হৈছে।
তদুপৰি বিদ্যালয়লৈ আহ-যাহ কৰা বাহন, অগ্নিনির্বাপক বাহিনীৰ লগতে এম্বুলেন্সকে ধৰি জৰুৰীকালীন বাহনসমূহৰ সূচল আহ-যাহ সুনিশ্চিত কৰাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে।
কাইলৈৰ পৰা ২৬ জুনলৈকে জৰুৰীকালিন বাহনসমূহৰ বাহিৰে আন বাহনসমূহ মন্দিৰৰ পাদদেশৰ পৰা মূল মন্দিৰলৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে। অৱশ্যে নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ পানীৰ যোগানকে ধৰি আৱশ্যকীয় খাদ্য সামগ্রী বা অন্যান্য সম্ভাৰ যোগান ধৰা বাহনসমূহ মন্দিৰলৈ যাব পাৰিব।
জিলা প্ৰশাসনৰ বিশেষ অনুমতি থকা বাহনসমূহ বংশীবাগানৰ মাজেৰে পাণ্ডু মন্দিৰ ঘাটৰ পৰা মন্দিৰলৈ যাব পাৰিব। কামাখ্যা মন্দিৰত কৰ্তব্যত মোতায়েন কৰা সকলো চৰকাৰী বিষয়া কৰ্মচাৰীক সোনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গোট খাবলৈ এই বিজ্ঞপ্তিযোগে কোৱা হৈছে। তাৰ পৰা পাণ্ডু বন্দৰ পথেৰে জিলা প্ৰশাসনৰ বিশেষ বাহনৰ জৰিয়তে তেওঁলোকক কর্তব্য স্থানলৈ লৈ যোৱা হ’ব।
জালুকবাৰীৰ দিশৰ পৰা ভক্তসকলক কঢ়িয়াই লৈ অহা বাহনসমূহ নীলাচল উৰণ সেতুৰ চাৰ্ভিছ লেনেৰে গৈ উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ ৩ নম্বৰ গেটত নামিব পাৰিব। তাৰ পৰা এই বাহনসমূহ নিলাচল উৰণ সেতুৰ তলেৰে ঘুৰি আদাবাৰী বাছষ্টেণ্ড তথা বৰিপাৰা পথাৰত থকা বিশেষ বাহন ৰখা স্থানত ৰব পাৰিব।
আনহাতে, ভৰলুমুখৰ দিশৰ পৰা দর্শনার্থী কঢ়িয়াই অনা বাহনসমূহেও নীলাচল উৰণ সেতুৰ চাৰ্ভিচ লেনেৰে আহি স্বাগত চিকিৎসালয়ৰ বিপৰীতে থকা উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ মুখ্য কাৰ্যালয়ৰ ৪ নম্বৰ গেটত যাত্রীসকলক নমাই পোনে পোনে যান বাহন ৰখা ঠাইলৈ যাব পাৰিব।
অসম ৰাজ্যিক পৰিবহন নিগমৰ অধীনৰ সকলো বাছ, চিটি বাছ তথা ব্যক্তিগত বাহনসমূহে নীলাচল উৰণ সেতুৰ ওপৰেৰে আহ-যাহ কৰিব লাগিব। অৱশ্যে স্থানীয় অধিবাসীসকলক এই নিয়মৰ পৰা আঁতৰত ৰখা হ’ব। জালুকবাৰীৰ দিশৰ পৰা যাত্রী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্রীসকলক বৰিপাৰা পুলিচ পইন্ট অথবা বিশ্বকর্মা মন্দিৰত নমাব পাৰিব।
আনহাতে, ভৰলুমুখৰ দিশৰ পৰা যাত্রী কঢ়িয়াই অনা চিটি বাছসমূহে যাত্রীসকল টেক্সিষ্টেণ্ড অথবা বৰিপাৰা পুলিচ পইণ্টৰ বিপৰীত দিশে নমাব পাৰিব। নীলাচল উৰণ সেতুৰ দুয়োমুৰে চিটিবাছ ৰবলৈ দিয়া নহ’ব। ব্যক্তিগত বাহনেৰে কামাখ্যা মন্দিৰলৈ অহা ভক্তসকলক তেওঁলোকৰ বাহনসমূহ আদাবাৰী বাছষ্টেণ্ড, বৰিপাৰা পথাৰ, আই টি এ মাছখোৱা, এ এছ টি ছি পার্কিং মাছখোৱা অথবা ইদগাহ ময়দানত থব পাৰিব।
অম্বুবাচী মহাযোগৰ এই সময়ছোৱা পুৱা ৫ বজাৰ পৰা নিশা এঘাৰ বজাৰ ভিতৰত তিনিচকীয়া বা তাতকৈ বৃহৎ বাণিজ্যিক সামগ্ৰী পৰিবাহী বাহনসমূহ জালুকবাৰী ৰটাৰীৰ পৰা মাছখোৱালৈ অহাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডি জি ৰোড, এম জি ৰোড আৰু এ টি ৰোডেৰে কোনো আন্তঃজিলা পৰিবহন অথবা দীর্ঘদূৰত্বৰ পৰিবহনৰ বাছ অহাতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।