শক্তিপীঠ কামাখ্যা দেৱালয়ত সোমবাৰৰ পৰা অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা দেৱালয়ত কাইলৈ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ’ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে সোমবাৰে নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। প্রবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ’ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব।

২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ব। প্রতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ-বিদেশৰ ভক্তৰ সমাগম হ’ব বুলি দেৱালয় কর্তৃপক্ষই আশা প্রকাশ কৰিছে।

প্রতি বছৰৰ দৰে এইবাৰো অম্বুবাচী মেলাক কেন্দ্ৰ কৰি নীলাচলৰ বুকুত অৱস্থিত কামাখ্যা ধামলৈ অগণন সাধু-সন্যাসীৰ আগমন ঘটিছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভীৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফচিকুনতা বজাই ৰখাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ প্ৰস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে।

অম্বুবাচী মেলা চলি থকা কেইদিনা নিয়মীয়াকৈ ফ’গিঙৰ লগতে প্ৰতিদিনে তিনিবাৰকৈ কামাখ্য ধামৰ চৌহদ চাফচিকুন কৰাৰ ব্যৱস্থা কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।