আজিৰেপৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰেপৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ব।

অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ-বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু-সন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে।

ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষ‍ই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল-সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকলক সহায়-সহযোগিতা আগবঢ়াবলৈ প্ৰয়াস কৰিছে।

অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভুতনাথ শ্মশান প্ৰাঙ্গনত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ-চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।