June 23, 2026 1:54 PM

views 24

আজিৰেপৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব

অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰেপৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত কালিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ-বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু-সন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগ...

June 16, 2026 7:59 PM

views 22

অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহানগৰ জিলা প্রশাসনৰ পূর্ণগতিত প্রস্তুতি অব্যাহত

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে পূর্ণগতিত প্রস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীৰ আগমন হৈছে। ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ চেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ৩ দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব। ২৬ জুনৰ পুৱা পূজা আৰু দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰি দিয়া হ'ব। ভক্তৰ ভিৰৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে এইবাৰো মন্দ...

June 12, 2026 6:23 PM

views 30

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূর্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ-বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আ...

June 24, 2025 12:26 PM

views 78

অম্বুবাচী মহাযোগৰ তৃতীয় দিনাও উখল-মাখল পৰিৱেশ

● গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে। পুৱাৰে পৰা সাধু-সন্ন্যাসী আৰু ভালে সংখ্যক লোকৰ শক্তিপীঠ কামাখ্যালৈ আগমন ঘটিছে। ইয়াৰোপৰি দুদিন পূৰ্বে কামাখ্যা ধামত উপস্থিত হোৱা দেশী-বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিবস্থলীত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পর্যটন মন্ত্ৰী ৰণজিৎ কু...

June 23, 2025 3:32 PM

views 72

২২ জুনৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ অনুষ্ঠিত

● বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত কালিৰে পৰা ৫দিনীয়া কাৰ্যসূচীৰে অম্বুবাচী মহাযোগ অনুষ্ঠিত হৈছে। কালি প্রথম দিনটোতে তীব্ৰ গৰমকো নেওচি দেশী-বিদেশী লক্ষাধিক ভক্তৰ ভিৰেৰে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে। চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশৰ উপৰি জাৰ্মানীকে ধৰি ইউৰোপৰ কেইবাখনো দেশৰ পৰা বিদেশী ভক্ত অম্বুবাচী মহাযোগ উপলক্ষে আহি কামাখ্যা মন্দিৰত উপস্থিত হৈছেহি। বাহিৰৰ পৰা অহা ভক্তৰ একাংশই মন্দিৰ চৌহদত নানা বেশ-ভূষা পৰিধান কৰি দেৱীক আৰাধনা কৰাৰ লগতে বিভিন্ন য...

June 22, 2025 7:47 PM

views 71

শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচীৰ মহাযোগ আৰম্ভ

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজি অম্বুবাচীৰ মহাযোগ আৰম্ভ হয়। আজি দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে ৩ দিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হয়। ২৬ জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱীস্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ'ব। মা কামাখ্যাৰ দুৱাৰ বন্ধ হোৱাৰ পাছতে ভক্ত, সাধু-সন্ন্যাসীসকল দেৱীৰ আৰাধনাত মগ্ন হৈছে। একেসময়তে কামাখ্যা মন্দিৰৰ নামনিৰ পৰা মন্দিৰৰ প্ৰাংগণলৈকে হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। অম্বুবাচী মহাযোগ উপলক্ষে ...

June 23, 2024 7:26 PM

views 63

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশী-বিদেশী ভক্তৰ ভিৰ অব্যাহত আছে। অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিনা বিভিন্ন বেশ-ভূষাৰ সাধু, সন্নাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল- মাখল পৰিবেশে বিৰাজ কৰিছে। কামাখ্যা মন্দিৰৰ দলৈ কবিন্দ প্ৰসাদ শৰ্মাই সংবাদ মাধ্যমক জনোৱা অনুসৰি কালিৰ দিনটোত ১ লাখৰ পৰা ডেৰ লাখ ভক্তৰ সমাগম হয়। আজি বন্ধৰ বাৰ হোৱা বাবে ভক্তৰ সংখ্যা তুলনামূলকভাৱে বৃদ্ধি হোৱা বুলি তেওঁ জানিবলৈ দিয়ে। অম্বুবাচী মেলা পৰিচালনা সমিতি আৰু আৰক্ষী প্ৰশাসনে বান্ধি দিয়া নীতি- নিয়ম...

June 23, 2024 12:36 PM

views 62

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিন

শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলাৰ আজি দ্বিতীয় দিন। দেশী-বিদেশী, বিভিন্ন বেশ-ভূষাৰ সাধু,সন্নাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে অহা ৩০ জুনলৈ কোনোধৰণৰ ভি আই পি, ভি ভি আই পিৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা ৰখা হোৱা নাই। একেদৰে ২৬ আৰু ২৭ জুনত বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব। তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা ৮ বজা পর্যন্তহে...

June 21, 2024 12:51 PM

views 47

কাইলৈৰপৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰপৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কাইলৈ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্ৰকাশ কৰা মতে আজিৰেপৰা ৩০ জুনলৈ...

June 15, 2024 12:31 PM

views 42

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে কালি সংবাদ মাধ্যমক এই কথা সদৰি কৰিছে। এইবেলি মেলাত অংশ লোৱা ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে। গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত কালি চুৰি মোবাইল ফোন প্ৰসংগক লৈ আয়োজন কৰা এক আলোচনাত তেওঁ কয় যে, বিগত ১০ দিন ধৰি মহানগৰীত অভিযান চলোৱাৰ পিছতে মুকলি অপৰাধ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। নিৰ্বাচনৰ পাছত মুকলি অপ...