অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে কালি সংবাদ মাধ্যমক এই কথা সদৰি কৰিছে। এইবেলি মেলাত অংশ লোৱা ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে। গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত কালি চুৰি মোবাইল ফোন প্ৰসংগক লৈ আয়োজন কৰা এক আলোচনাত তেওঁ কয় যে, বিগত ১০ দিন ধৰি মহানগৰীত অভিযান চলোৱাৰ পিছতে মুকলি অপৰাধ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। নিৰ্বাচনৰ পাছত মুকলি অপৰাধৰ বিৰুদ্ধে গুৱাহাটীৰ লগতে বিভিন্ন চহৰত বিশেষ অভিযান চলোৱাৰ বাবে সিদ্ধান্ত লোৱা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে।
Assamese | June 15, 2024 12:31 PM | Ambubachi Mela | Assam | kamakhya temple
অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে