June 24, 2026 1:26 PM

views 26

অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ-বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে

অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ-বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ অহা ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল-সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায়-সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্...

June 24, 2025 12:26 PM

views 78

অম্বুবাচী মহাযোগৰ তৃতীয় দিনাও উখল-মাখল পৰিৱেশ

● গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি তৃতীয় দিনাও উখল-মাখল পৰিৱেশ অব্যাহত আছে। পুৱাৰে পৰা সাধু-সন্ন্যাসী আৰু ভালে সংখ্যক লোকৰ শক্তিপীঠ কামাখ্যালৈ আগমন ঘটিছে। ইয়াৰোপৰি দুদিন পূৰ্বে কামাখ্যা ধামত উপস্থিত হোৱা দেশী-বিদেশী হাজাৰ বিজাৰ ভক্তৰ উপস্থিতিত মন্দিবস্থলীত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্রশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। পর্যটন মন্ত্ৰী ৰণজিৎ কু...

December 10, 2024 6:28 PM

views 70

ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ পৰ্যটনৰ প্ৰসাৰৰ দিশটোক অগ্ৰাধিকাৰ দিছেঃ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

নৱ নিযুক্ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, যে ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ পৰ্যটনৰ প্ৰসাৰৰ দিশটোক অগ্ৰাধিকাৰ দিছে। প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কামাখ্যাৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি প্রয়াস চলোৱা হ'ব বুলি ঘোষণা কৰে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ মন্ত্ৰী সভাৰ সম্প্ৰসাৰণত পৰ্যটন বিভাগৰ দায়িত্ব লাভ কৰা শ্ৰীদাসে আজি ঐতিহাসিক কামাখ্যা মন্দিৰ দৰ্শন কৰি দেৱীৰ আশিস লয়। তেওঁ কামাখ্যাৰ পৰ্যটনৰ প্ৰসাৰ স...

June 28, 2024 7:44 PM

views 70

কামাখ্যা মন্দিৰত ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রীৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক’ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই প্ৰকল্পটোৰ কাম লাভ কৰিছে। কোম্পানীটোৱে নক্সা আৰু পৰিকল্পনা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীক প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানে সকলো পৰীক...

June 28, 2024 6:12 PM

views 90

কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাৰ্থনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক'ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্রীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই প্ৰকল্পটোৰ কাম লাভ কৰিছে। কোম্পানীটোৱে নক্সা আৰু পৰিকল্পনা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীক প্রদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানে সকলো পৰীক...

June 21, 2024 12:51 PM

views 48

কাইলৈৰপৰা শক্তিপীঠ কামাখ্যা ধামত অম্বুবাচী মেলা

শক্তিপীঠ কামাখ্যা ধামত কাইলৈৰপৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। এই মেলা নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহনাগৰ জিলা প্ৰশাসন আৰু অম্বুবাচী মহাযোগ পৰিচালনা সমিতিয়ে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে কাইলৈ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্রবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ হৈ পৰিব। ২৬ জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা ৬ বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব। সমিতিয়ে প্ৰকাশ কৰা মতে আজিৰেপৰা ৩০ জুনলৈ...

June 15, 2024 12:31 PM

views 43

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে

অম্বুবাচী মেলা উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে বুলি আৰক্ষী সঞ্চালক প্রধান জি পি সিঙে কালি সংবাদ মাধ্যমক এই কথা সদৰি কৰিছে। এইবেলি মেলাত অংশ লোৱা ভক্তসকলৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে। গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত কালি চুৰি মোবাইল ফোন প্ৰসংগক লৈ আয়োজন কৰা এক আলোচনাত তেওঁ কয় যে, বিগত ১০ দিন ধৰি মহানগৰীত অভিযান চলোৱাৰ পিছতে মুকলি অপৰাধ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। নিৰ্বাচনৰ পাছত মুকলি অপ...

May 30, 2024 2:15 PM

views 80

২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত

অহা ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। কামাখ্যা মন্দিৰৰ সৰু দলৈ হিমাদ্ৰী শৰ্মাই আকাশবাণীৰ সংবাদদাতাক জনোৱা অনুসৰি ২২ জুনৰ পুৱা ৮ বাজি ৪৩ মিনিট ৩৯ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ কৰা হ'ব। অম্বুবাচীৰ সময়ছোৱাত প্ৰতিবছৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰত দেশ-বিদেশৰ লাখ লাখ ভক্তৰ সমাগম হয়। এইবাৰো এই মেলা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ইতিমধ্যে কামাখ্যা দেৱালয় অম্বুবাচী মেলা পৰিচালনা সমিতি গঠন কৰা হৈছে। অহা ২৬ জুনত অম্বুবা...