অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ-বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ অহা ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত ভক্তৰ বাবে পুনৰ খুলি দিয়া হ’ব।
অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
একাংশ দল-সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায়-সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তসকলৰ বাবে ভূতনাথ শ্মশান প্ৰাঙ্গনত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে।
গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীসকলক কঠোৰ নিৰ্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতি মুহূৰ্তৰ ফটো লাইভ লোকেচন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে।
ইপিনে, গুৱাহাটী পৌৰ নিগমে ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱাপানী, পোহৰ আৰু চাফ-চিকুণতাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।