মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায়। ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা ক’ৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূর্ণ মন্তব্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে জনায় যে, নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই প্ৰকল্পটোৰ কাম লাভ কৰিছে। কোম্পানীটোৱে নক্সা আৰু পৰিকল্পনা ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীক প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠানে সকলো পৰীক্ষা-নিৰীক্ষা কৰিব যাতে কামাখ্যাৰ আন্তঃগাঁথনিত কোনো ধৰণৰ অসুবিধা নহয়। ইপিনে ক’ৰিডৰ শব্দটো শুনি একাংশই ভয় খাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে, ক’ৰিডৰ মানে এটা পথ ডাঙৰকৈ বনোৱা হ’ব, পথৰ ওপৰত টিনপাত দিয়া হ’ব। ইয়াৰ বাহিৰে একো পৰিৱৰ্তন নহয় বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।
Assamese | June 28, 2024 7:44 PM | CMO Assam | himanta bisha sarma | Himanta Biswa Sarma | kamakhya temple
কামাখ্যা মন্দিৰত ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে মুখ্যমন্ত্রীৰ প্ৰাৰ্থনা