শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ’বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্রশাসনে পূর্ণগতিত প্রস্তুতি অব্যাহত ৰাখিছে। ইতিমধ্যে মেলাৰ বাবে কামাখ্যা মন্দিৰলৈ দেশৰ ভিন্ন প্ৰান্তৰ সাধু সন্যাসীৰ আগমন হৈছে। ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ চেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব ইয়াৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ৩ দিনলৈ ভক্তৰ বাবে বন্ধ থাকিব। ২৬ জুনৰ পুৱা পূজা আৰু দেৱী স্নানৰ পাছত ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ পুনৰ মুকলি কৰি দিয়া হ’ব। ভক্তৰ ভিৰৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ দৰে এইবাৰো মন্দিৰলৈ পৰিবহণৰ ব্যৱস্থা নাথাকিব আৰু ভক্তসকলে নাৰ্ছাৰী পইণ্টত জোতা-ছেণ্ডেল এৰি খোজকাঢ়ি মন্দিৰলৈ যাব পাৰিব। স্বচ্ছতাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি নিলাচল পাহাৰত ভক্তৰ বাবে থকা খোৱাৰ ব্যৱস্থাও কৰা হোৱা নাই। মেলা পৰিচালনাৰ বাবে এখন সমিতি গঠন কৰি যাৱতীয় ব্যৱস্থা লোৱা হৈছে বুলি মন্দিৰৰ মুখ্য দলৈ কবিন্দ্ৰ প্ৰসাদ শর্মাই প্রকাশ কৰিছে।
Assamese | June 16, 2026 7:59 PM | Ambubachi Mela
অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ, কামৰূপ মহানগৰ জিলা প্রশাসনৰ পূর্ণগতিত প্রস্তুতি অব্যাহত