গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত আজি অম্বুবাচীৰ মহাযোগ আৰম্ভ হয়। আজি দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে ৩ দিনৰ বাবে কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ হয়। ২৬ জুনৰ পুৱা নিবৃত্তিৰ লগে লগে দেৱীস্নান, নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হ’ব। মা কামাখ্যাৰ দুৱাৰ বন্ধ হোৱাৰ পাছতে ভক্ত, সাধু-সন্ন্যাসীসকল দেৱীৰ আৰাধনাত মগ্ন হৈছে। একেসময়তে কামাখ্যা মন্দিৰৰ নামনিৰ পৰা মন্দিৰৰ প্ৰাংগণলৈকে হাজাৰ হাজাৰ ভক্তৰ সমাগম হৈছে। অম্বুবাচী মহাযোগ উপলক্ষে সন্ধিয়া পাণ্ডু ঘাটত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অংশগ্ৰহণ কৰিব।
অম্বুবাচী মহাযোগ সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নামনিৰ পৰা নীলাচল পাহাৰৰ ওপৰলৈ খোজকাঢ়ি উঠি যোৱা ভক্তৰ বাবে খোৱাপানীৰ ব্যৱস্থা কৰা হৈছে। একেদৰে ঠায়ে ঠায়ে স্বাস্থ্য শিবিৰ স্থাপন কৰা হৈছে । আইন শৃংখলা তথা তীর্থযাত্রী, ভক্তৰ সুৰক্ষাৰ বাবে মন্দিৰ চৌহদত ১২০ গৰাকী স্থায়ী সুৰক্ষা কৰ্মী, ৪০০ গৰাকী স্কাউট গাইড ১৫০ গৰাকী স্বেচ্ছাসেৱক, ২৫০ গৰাকী অস্থায়ী সুৰক্ষা কৰ্মী নিয়োগ কৰা হৈছে। দেৱালয়ৰ চৌপাশে ৫০০টা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নিৰ্দেশনা অনুসৰি সন্ধিয়া ৬ বজাৰ পৰা ভক্তসকলে নীলাচল পাহাৰত প্ৰৱেশ কৰিব নোৱাৰিব। পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথেৰে ভক্তৰ প্ৰৱেশত বাধা আৰোপ কৰা হৈছে।
Assamese | June 22, 2025 7:47 PM | Ambubachi Mela
শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচীৰ মহাযোগ আৰম্ভ