June 25, 2026 9:01 PM

views 48

আজি নিশা ১২:২:১৩ বজাত অম্বুবাচী মেলাৰ নিবৃত্তি

আজি নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্রতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি-নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পিছতে ভক্ত আৰু তীর্থ যাত্রীসকলে কামাখ্যা দেবীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতিবছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পর্যবশিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনো ধৰণৰ অসু...

January 24, 2025 1:19 PM

views 34

কামাখ্যা দেৱালয়ত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ ব্যাপক অভিযান

বিধি বলৱৎকাৰী সঞ্চালকালয়ে কামাখ্যা দেৱোত্তৰ ব'ৰ্ডৰ নামত হোৱা বুজন পৰিমাণৰ ধনৰ কেলেংকাৰী সন্দৰ্ভত কালি দেৱালয় পৰিসৰত ব্যাপক অভিযান চলায়। শক্তিপীঠ কামাখ্যা ধামৰ পৰিচালনাৰ বাবে গঠিত কামাখ্যা দেৱোত্তৰ ব'ৰ্ডত ২০০৩-ৰ পৰা ২০১৯ চনলৈ প্ৰায় ৭ কোটি ৬২ লাখ টকাৰ কেলেংকাৰী সংঘটিত হোৱা বুলি অভিযোগ উঠিছে। এই সন্দৰ্ভত পূৰ্বতে অপৰাধ অনুসন্ধান সংস্থাটোত এটা গোচৰ ৰুজু কৰি ব'ৰ্ডৰ বিষয়ববীয়াসকলৰ বিৰুদ্ধে তদন্ত চলোৱা হৈছিল। পাছত গোচৰটো বিধি বলৱৎকাৰী সঞ্চালকালয়লৈ হস্তান্তৰ কৰা হৈছিল।