June 26, 2026 7:52 PM

views 22

শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি, প্ৰায় ৮ লাখ ভক্তৰ আগমন

গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি সামৰণি পৰে। যোৱা নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি সূর্যোদয়ৰ পাছতে দেৱীস্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰেপৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে। অম্বুবাচীৰ অন্তিম দিনলৈ কামাখ্যা মন্দিৰত প্ৰায় ৮ লাখ ভক্তৰ আ...

June 25, 2026 9:01 PM

views 48

আজি নিশা ১২:২:১৩ বজাত অম্বুবাচী মেলাৰ নিবৃত্তি

আজি নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ'ব। সম্প্রতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ দেৱী স্নানৰ পাছত কাইলৈ ভক্তৰ বাবে মুকলি কৰি দিয়া হ'ব। আধ্যাত্মিক ৰীতি-নীতিৰে পুৱা দেৱী স্নান আৰু নিত্য পূজা সমাপনৰ পিছতে ভক্ত আৰু তীর্থ যাত্রীসকলে কামাখ্যা দেবীৰ মন্দিৰ দৰ্শন কৰিব পাৰিব। প্ৰতিবছৰৰ দৰে এইবাৰো লাখ লাখ ভক্তৰ সমাগমেৰে নীলাচল পাহাৰৰ বুকুত অৱস্থিত কামাখ্যা মন্দিৰৰ চৌপাশ আধ্যাত্মিকতা আৰু মহামিলনৰ তীৰ্থলৈ পর্যবশিত হৈছে। কাইলৈ পুৱা মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ভক্তসকলে যাতে কোনো ধৰণৰ অসু...

June 25, 2026 12:34 PM

views 42

অম্বুবাচীৰ আজি চতুর্থ দিন; নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি

অম্বুবাচীৰ আজি চতুর্থ দিনাও মা কামাখ্যাৰ আশিস ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ-বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা ৫ বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰেপৰা কামাখ্যা ধামলৈ ভক্ত-দর্শনাৰ্থীৰ লানি নিছিঙা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। একাংশ দল-সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায়-সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তৰ বাবে ভূতনাথ শ্মশান প...

June 23, 2026 9:46 PM

views 26

অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামত দেশ-বিদেশৰ অগণন ভক্তৰ সমাগম

অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা ধামলৈ দেশ-বিদেশৰ অগণন ভক্তৰ সমাগম হৈছে। প্ৰবৃত্তিৰ লগে লগে কালি নিশা কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয়। আজিৰে পৰা পৰহিলৈকে কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী মহাযোগ সন্দৰ্ভত দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এক...

June 18, 2026 1:48 PM

views 22

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ’বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ পূর্ণগতিত প্ৰস্তুতি

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূর্ণ গতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়।  মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰে'ল ষ্টেচন আৰু নাহৰবাৰীস্থিতি আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।  কামাখ্যা মন্দি...

June 17, 2026 8:22 PM

views 34

অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ'বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণ গতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্রী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়।  মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিতি আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।  কামাখ্যা মন্দিৰৰ...

June 9, 2026 12:00 PM

views 34

অহা ২২ জুনৰ পৰা কামাখ্যা দেৱালয়ত অম্বুবাচী মেলা অনুষ্ঠিত

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্রকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ-বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কর্তৃপক্ষই আ...