শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ’বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূর্ণ গতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্ৰী অজন্তা নেওগে কালি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়।

মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰে’ল ষ্টেচন আৰু নাহৰবাৰীস্থিতি আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।
কামাখ্যা মন্দিৰৰ সমীপৰ এখন ল’জত আয়োজিত সংবাদ মেলত শ্রীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰে’ল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত তিনিটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা-খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ ১০০ মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে।
তেওঁ লগতে পথত খোৱাপানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে। এইবাৰৰ মেলাত ৮ লক্ষাধিক ভক্তৰ সমাগম হ’ব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে।