June 9, 2026 12:00 PM | Ambubachi

printer

অহা ২২ জুনৰ পৰা কামাখ্যা দেৱালয়ত অম্বুবাচী মেলা অনুষ্ঠিত

শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা ২২ জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ’ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্রকাশ কৰা মতে ২২ জুনৰ নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ’ব। ২৩, ২৪ আৰু ২৫ জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। ২৬ জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ’ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ-বিদেশৰ ভক্তৰ সমাগম হ’ব বুলি দেৱালয় কর্তৃপক্ষই আশা প্রকাশ কৰিছে।