গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ আজি সামৰণি পৰে। যোৱা নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তিৰ পাছত আজি সূর্যোদয়ৰ পাছতে দেৱীস্নান তথা নিত্য পূজাৰ অন্তত মন্দিৰৰ মূল দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰা হয়। কালিৰেপৰা শাৰী পাতি থকা হাজাৰ হাজাৰ ভক্তৰ ইতিমধ্যে মা কামাখ্যাৰ দৰ্শনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই পুৱাই কামাখ্যা মন্দিৰ দৰ্শন কৰি ৰাজ্যবাসীৰ মংগল কামনা কৰে। অম্বুবাচীৰ অন্তিম দিনলৈ কামাখ্যা মন্দিৰত প্ৰায় ৮ লাখ ভক্তৰ আগমন ঘটে। মেলাত ৭৫গৰাকী বিদেশী ভক্তৰো সমাগম হয় বুলি প্রশাসনে জানিবলৈ দিছে। পর্যটন মন্ত্রী অজন্তা নেওগে দর্শনার্থীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্রকাশ কৰি কয় যে এই মেলাই ভাৰতীয় সংস্কৃতিৰ অতিথি দেৱ ভৱ আদৰ্শক প্রতিফলিত কৰিছে। আধ্যাত্মিকতা, আস্থা, সম্প্রীতি আৰু ভক্তিৰ মিলনস্থলীত পৰিণত হোৱা এই মেলাই ৰাজ্যখনৰ সমৃদ্ধ আধ্যাত্মিক ঐতিহ্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি যাব বুলি তেওঁ আশা প্রকাশ কৰে।
Assamese | June 26, 2026 7:52 PM | Ambubachi
শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগৰ সামৰণি, প্ৰায় ৮ লাখ ভক্তৰ আগমন