অম্বুবাচীৰ আজি চতুর্থ দিনাও মা কামাখ্যাৰ আশিস ল’বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ-বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা ৫ বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰেপৰা কামাখ্যা ধামলৈ ভক্ত-দর্শনাৰ্থীৰ লানি নিছিঙা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আৰু মন্দিৰ কৰ্তৃপক্ষই যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
একাংশ দল-সংগঠনৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ স্বেচ্ছাসেৱী সংগঠনসমূহে ভক্তসকললৈ সহায়-সহযোগিতা আগবঢ়াই আহিছে। অম্বুবাচীলৈ অহা ভক্তৰ বাবে ভূতনাথ শ্মশান প্ৰাঙ্গনত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত খাদ্যৰ ব্যৱস্থা কৰা হৈছে। যোৱা কেইদিনত অম্বুবাচী মেলাৰ বাট- পথ প্লাষ্টিক, পানীৰ বটল আৰু পেলনীয়া সামগ্ৰীৰে কদৰ্যময় কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতে কালি খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে মেলাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰী ৰায়ে কামাখ্যা মন্দিৰৰ চৌহদ পৰিষ্কাৰ কৰি ৰাখিবৰ বাবে গুৱাহাটী পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীসকলক কঠোৰ নির্দেশ দিছে। বিষয়াসকলক অম্বুবাচীৰ প্ৰতি মুহূৰ্তৰ ফটো লাইভ লোকেচন মন্ত্ৰীগৰাকীলৈ প্ৰেৰণ কৰিবলৈ কোৱা হৈছে।
ইপিনে, অম্বুবাচী মেলাত কৰ্তব্যত গাফিলতি কৰাৰ বাবে আব্দুল হুছেইন, প্রদীপ শৰ্মা শিৱাসিশ বৰুৱা নামৰ তিনিগৰাকী বিষয়াক তৎকালীনভাৱে নিলম্বন কৰা হৈছে।
আজি নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি হ’ব। দেৱী স্নানৰ পাছত সম্প্ৰতি বন্ধ থকা কামাখ্যা মন্দিৰৰ দুৱাৰ কাইলৈ পুৱা ভক্তৰ বাবে পুনৰ খুলি দিয়া হ’ব। দেৱালয় কৰ্তৃপক্ষই কাইলৈ আৰু পৰহিলৈ দেৱী দৰ্শনৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে আজি নিশাৰ পৰা বংশীবাগান খেলপথাৰত শাৰী পাতি টোকেন ল’ব লাগিব।