June 17, 2026 8:22 PM | Ambubachi

printer

অম্বুবাচী মেলাৰ প্ৰস্তুতিৰ পৰ্যালোচনা পৰ্যটন মন্ত্ৰী অজন্তা নেওগৰ

শক্তিপীঠ কামাখ্যা ধামত অহা ২২ জুনৰ পৰা হ’বলগীয়া অম্বুবাচী মেলাৰ বাবে ৰাজ্য চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পূৰ্ণ গতিত প্ৰস্তুতি অব্যাহত ৰাখিছে। ৰাজ্যৰ পৰ্যটন মন্ত্রী অজন্তা নেওগে আজি অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে থকা-খোৱাৰ ব্যৱস্থা আৰু অন্যান্য প্ৰস্তুতিৰ বুজ লয়।

 মন্ত্ৰীগৰাকীয়ে পাণ্ডু জাহাজঘাট, কামাখ্যা ৰেল ষ্টেচন আৰু নাহৰবাৰীস্থিতি আৱাস শিবিৰসমূহ পৰিদৰ্শন কৰে আৰু সংশ্লিষ্ট বিষয়াসকলক ভক্তসকলৰ সুবিধা, সুৰক্ষা আৰু সুব্যৱস্থাপনা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে।

 কামাখ্যা মন্দিৰৰ সমীপৰ এখন ল’জ আয়োজিত সংবাদ মেলত শ্রীমতী নেওগে কয় যে অম্বুবাচী মেলালৈ আহিবলগীয়া ভক্তসকলৰ বাবে কামাখ্যা ৰে’ল ষ্টেচন, পাণ্ডু বন্দৰ আৰু পাণ্ডুৰ নাহৰবাৰীত তিনিটা শিবিৰ স্থাপন কৰা হৈছে। এই শিবিৰসমূহত হেজাৰ হেজাৰ ভক্তৰ বাবে থকা-খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে কামাখ্যা ধামলৈ উঠি যোৱা পথৰ ১০০ মিটাৰ দূৰে দূৰে শিবিৰ স্থাপন কৰা হৈছে। তেওঁ লগতে পথত খোৱাপানীৰো পৰ্যাপ্ত দিহা কৰা হৈছে বুলি জানিবলৈ দিয়ে।

পর্যটন মন্ত্ৰীগৰাকীয়ে কয় যে অম্বুবাচী মেলাত ভক্তসকলৰ সুবিধার্থে পথ নিৰ্দেশনাৰ সংকেত, ৰাজহুৱা ঘোষণা আদিৰ ব্যৱস্থা কৰা হৈছে। গুৱাহাটী পৌৰ নিগমে কামাখ্যা মন্দিৰ চৌহদ আৰু কাষৰীয়া এলেকাসমূহত পৰিস্কাৰপৰিচ্ছন্নতা বৰ্তাই ৰখাৰ বাবে অহৰ্নিশে কাম কৰি আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। 

তেওঁ কয যে সকলো শিবিৰত জৰুৰীকালীন চিকিৎসা ব্যৱস্থাৰ লগতে পেৰামেডিকেল কৰ্মচাৰী নিয়োগৰ দিহা কৰা হৈছে। ভক্তৰ ষ্ট্ৰেচাৰ আৰু হুইল চেয়াৰৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগসকলৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে মন্দিৰলৈ উঠা-নমা প্ৰক্ৰিয়া শৃংখলাবদ্ধভাৱে হোৱাটো নিশ্চিত কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়া বুলি সংবাদ মেলত সদৰি কৰে।

 মেলাৰ সময়ত স্বেচ্ছাসেৱী সংগঠনসমূহে যোগান ধৰা খাদ্যসামগ্ৰীৰ গুণগত মান পৰীক্ষা কৰাৰ বাবে খাদ্য সুৰক্ষা বিষয়াসকলক দায়িত্ব দিয়া বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। শ্রীমতী নেওগে কয় যে অম্বুবাচী মেলাত জিলা প্রশাসন, লোক নির্মাণ বিভাগ, গুৱাহাটী পৌৰ নিগম, জনস্বাস্থ্য কাৰিকৰী বিভাগ, আৰক্ষী, পৰ্যটন, স্বাস্থ্য বিভাগ আদিৰ হেল্পডেস্ক থাকিব।

 মেলাৰ সময়ত কোনো অসুবিধাৰ সন্মুখীন হ’লে ভক্তসকলে এই হেল্প ডেস্কৰ সহায় ল’ব পাৰিব। মন্ত্রী নেওগে কয় যে ২০২৪ বৰ্ষত অম্বুবাচী মেলালৈ দেশবিদেশৰ ৭ লাখ ৪৩ হাজাৰ ৬৬গৰাকী ভক্তৰ আগমন ঘটিছিল। যোৱা বছৰ ৭ লাখ ৮১ হাজাৰৰো অধিক ঘৰুৱা আৰু ৪৩গৰাকী বিদেশী পর্যটক অম্বুবাচী মেলালৈ অহা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইবাৰ ৮ লাখৰো অধিক ভক্তৰ আগমন ঘটিব বুলি আশা ব্যক্ত কৰে।

সংবাদ মেলত ৰাজ্যৰ গৃহ, ৰাজনৈতিক তথা পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই অম্বুবাচী মেলাৰ সময়ত ভিৰ নিয়ন্ত্ৰণ ব্যৱস্থাৰ অংশ হিচাপে প্ৰশাসনে মেলাৰ সময় নিৰ্ধাৰণ কৰি দিয়া বুলি জানিবলৈ দিয়ে।

 এই অনুসৰি পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৬ বজালৈহে ভক্ত বা সাধাৰণ লোক কামাখ্যা মন্দিৰলৈ যাব পাৰিব। তেওঁ লগতে মেলাৰ সময়ত চেণ্ডেল-জোতা পৰিধান কৰি কোনো লোককে মন্দিৰলৈ নাযাবলৈ আহ্বান জনায়। মেলাৰ বাবে অহা ভক্তসকলৰ বাবে মন্দিৰ পৰিচালনা সমিতিয়ে জোতা-চেণ্ডেল ৰখাৰ ব্যৱস্থা কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

ইপিনে, যান-বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাই সংবাদ মেলত কয় যে মেলাৰ সময়ত নাৰ্চাৰী পইণ্টৰ পৰা মন্দিৰলৈকে সকলো যান-বাহনৰ চলাচল নিষিদ্ধ থাকিব। এম্বুলেন্স, পানীৰ গাড়ী আৰু গুৱাহাটী পৌৰ নিগমৰ বাহনকে ধৰি জৰুৰীকালীন সেৱাৰ বাহনহে এই পথছোৱাৰে চলাচল কৰিব পাৰিব। পাণ্ডু বন্দৰৰ পৰা নাহৰবাৰীৰ পথেৰে প্ৰশাসনে ব্যৱস্থা কৰা ফেৰী-গাড়ী চলাচল কৰিব পাৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।