ৰাজ্যৰ ১২খন জিলাত পৰহিলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ’ব। নিম্ন আৰু উচ্চ প্রাথমিকৰ বাবে হ’বলগীয়া এই পৰীক্ষাৰ বাবে পৰিক্ষাৰ্থীসকলে এডমিট কার্ডৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰিক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনো ধৰণৰ ইলেকট্রনিক সামগ্রী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্রাথমিক শিক্ষা সঞ্চালকালয়ে নির্দেশ জাৰি কৰিছে।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত হ’বলগীয়া এই বিশেষ টেটৰ লিখিত পৰীক্ষাৰ বাবে গুৱাহাটীৰ আৰক্ষী আয়ুক্তালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে। পানবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰৰ ১০০ মিটাৰ ব্যাসাৰ্দ্ধৰ ভিতৰত অকর্তৃত্বশীল লোকৰ প্রবেশ নিষিদ্ধ কৰা হৈছে।
শোণিতপুৰ জিলাত এই পৰীক্ষা স্বচ্ছ আৰু নিকাভাৱে পৰিচালনা কৰাৰ বাবে জিলা প্রশাসনে বিশেষ ব্যবস্থা গ্ৰহণ কৰিছে। পৰীক্ষা অনুষ্ঠিত হ’ব লগা জিলাখনৰ পি এম শ্রী তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১০০ মিটাৰ ব্যাসার্দ্ধৰ ভিতৰত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩ৰ ১৬৩ ধাৰা জাৰি কৰা হৈছে। জিলা দণ্ডাধীশে জাৰি কৰা নির্দেশ অনুসৰি এই পৰীক্ষা কেন্দ্ৰত অকর্তৃত্বশীল ব্যক্তিৰ প্ৰবেশ নিষিদ্ধ কৰাৰ লগতে ফটোগ্রাফী আৰু ভিডিঅ’গ্ৰাফী কৰাত বাধা আৰোপ কৰা হৈছে।