আঞ্চলিক সংবাদ

June 25, 2026 7:58 PM

views 20

মাজুলীত মন্ত্রী সুশান্ত বৰগোঁহাইৰ গৰাখহনীয়া পৰিদৰ্শন

জলসম্পদ মন্ত্রী তথা মাজুলীৰ অভিভাৱক মন্ত্রী সুশান্ত বৰগোঁহাইয়ে আজি জিলাখনৰ মলয়াচাপৰি আৰু কুলিচাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্রেই কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসক...

June 25, 2026 2:13 PM

views 30

মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত আজি ভাৰত-বাংলাদেশৰ মেচ

ভাৰত আজি মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ-এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন মানচেষ্টাৰৰ এমিৰ্টেছ অল্ড ট্ৰেফ'ৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্রুপ-এৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা ...

June 25, 2026 1:59 PM

views 18

বিশ্বকাপ ফুটবলত আজি দক্ষিণ আফ্রিকাই দক্ষিণ কোৰিয়াক ১-০ গ’লত আৰু মেক্সিক’ৱে চেকিয়াক ৩-০ গ’লত পৰাস্ত কৰে

বিশ্বকাপ ফুটবল প্রতিযোগিতাত আজি পুৱা অনুষ্ঠিত গ্ৰুপ ‘এ’ৰ এখন খেলত দক্ষিণ আফ্রিকাই দক্ষিণ কোৰিয়াক ১-০ গ’লত পৰাস্ত কৰিছে। মেক্সিক’ত অনুষ্ঠিত একেটা গ্ৰুপৰ আন এখন খেলত মেক্সিক’ৱে চেকিয়াক ৩-০ গ’লত পৰাস্ত কৰে। ইপিনে, আজি পুৱতি নিশা অনুষ্ঠিত গ্রুপ-বিৰ এখন খেলত ছুইজাৰলেণ্ডে কানাডাৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধ...

June 25, 2026 1:57 PM

views 9

বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ’বঃ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস

বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ'ব। এই তদন্ত প্রক্রিয়া বর্তমানো স্থবিৰ হোৱা নাই আৰু শীঘ্ৰেই তদন্ত সমিতি গঠন হ'ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি দিছপুৰ প্ৰেছ ক্লাবৰ ‘এইমাহৰ অতিথি’ শীৰ্ষক অনুষ্ঠানত অংশ লৈ এইদৰে প্ৰকাশ কৰে। অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত অধ্যক্ষ দা...

June 25, 2026 1:00 PM

views 20

শিক্ষানুষ্ঠানসমূহক ষষ্ঠ-অষ্টম শ্রেণীলৈ ১০ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্রাথমিক শিক্ষা বিষয়ালৈ পত্ৰ

সমগ্র শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ ১০ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্রাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰখনত ২০২৬-২৭ শৈক্ষিক বৰ্ষত বেগবিহীন দিন পালনৰ সময়ত কেনে ধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই ...

June 25, 2026 12:52 PM

views 11

অসমৰ ১২খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল-সলনি

অসমৰ ১২ খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল-সলনি কৰা হৈছে। কৰ্মচাৰী বিভাগে কালি প্ৰকাশ কৰা অধিসূচনা অনুসৰি জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ মুখ্য সচিব চৈয়দ্দিন আববাচীক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দি জলসিঞ্চন বিভাগৰ অতিৰিক...

June 25, 2026 12:43 PM

views 20

অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলার্ট

অৰুণাচল প্ৰদেশৰ নৱগঠিত কেয়ী পান্যৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নীপকো প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হয়। নীপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে, বানৰ ফলত নীপকো কলনীৰ সমীপৰ এখন নির্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ধলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰ গতিত...

June 25, 2026 12:38 PM

views 25

ৰাজ্যৰ ৫খন চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ প্ৰত্যায়ন পৰিষদৰ স্বীকৃতি

ৰাজ্যৰ পাঁচখন চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ প্ৰত্যায়ন পৰিষদ NABH-ৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পত...

June 25, 2026 12:34 PM

views 30

অম্বুবাচীৰ আজি চতুর্থ দিন; নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত অম্বুবাচীৰ নিবৃত্তি

অম্বুবাচীৰ আজি চতুর্থ দিনাও মা কামাখ্যাৰ আশিস ল'বলৈ শক্তিপীঠ কামাখ্যা ধামত দেশ-বিদেশৰ লাখ লাখ ভক্তই ভিৰ কৰিছে। পুৱা ৫ বজাত নীলাচলৰ পাদদেশত থকা প্ৰৱেশদ্বাৰ খুলি দিয়াৰ পাছৰেপৰা কামাখ্যা ধামলৈ ভক্ত-দর্শনাৰ্থীৰ লানি নিছিঙা সোঁত বৈছে। ভক্তসকলৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ পৰ্যটন বিভাগ, জিলা প্ৰশাসন আ...

June 24, 2026 8:04 PM

views 10

শিক্ষানুষ্ঠানক ষষ্ঠৰ পৰা অষ্টম শ্রেণীলৈ ১০ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ পত্ৰ প্ৰেৰণ সমগ্র শিক্ষা অসমৰ

সমগ্র শিক্ষা অসমে শিক্ষানুষ্ঠানসমূহক ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্রেণীলৈ ১০ দিন বেগবিহীন দিন হিচাপে পালন কৰিবলৈ সকলো জিলাৰ মিছন সমন্বয়ক, বিদ্যালয়ৰ পৰিদৰ্শক আৰু জিলা প্রাথমিক শিক্ষা বিষয়ালৈ পত্র প্ৰেৰণ কৰিছে। পত্ৰখনত ২০২৬-২৭ শৈক্ষিক বর্ষত বেগবিহীন দিন পালনৰ সময়ত কেনে ধৰণৰ কাৰ্যকলাপ গ্ৰহণ কৰা হ'ব সেই বিষয়...