মাজুলীত মন্ত্রী সুশান্ত বৰগোঁহাইৰ গৰাখহনীয়া পৰিদৰ্শন

জলসম্পদ মন্ত্রী তথা মাজুলীৰ অভিভাৱক মন্ত্রী সুশান্ত বৰগোঁহাইয়ে আজি জিলাখনৰ মলয়াচাপৰি আৰু কুলিচাপৰি অঞ্চলত সোৱণশিৰি নদীয়ে সৃষ্টি কৰা গৰাখহনীয়া পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

মন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থাসমূহ শীঘ্রেই কাৰ্যকৰী কৰিবলৈ জলসম্পদ বিভাগৰ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। তেওঁ লগতে কৰ্দৈগুৰি অঞ্চলৰ খহনীয়া পৰিস্থিতিও পৰিদৰ্শন কৰে।

শ্রীবৰগোঁহাইয়ে ইয়াৰ পাছত ব্ৰহ্মপুত্র বোর্ড আৰু জলসম্পদ বিভাগৰ অধীনত মেগা জিঅ’ টিউবৰ জৰিয়তে টুনি সুঁতিৰ মুখ বন্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে গ্ৰহণ কৰা চেনেল ক্ল’জিং প্ৰকল্পৰ অগ্ৰগতিৰ বুজ লয়।

এই প্ৰকল্পৰ অধীনত পার্কুপাইন ব্যৱস্থাৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ পৰা ভকতচাপৰি আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহক সুৰক্ষা প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মন্ত্ৰীগৰাকীৰ সৈতে আজি পৰিদৰ্শন কালত স্থানীয় বিধায়ক ভূবন গাম, জিলা আয়ুক্ত সৃষ্টি সিং আৰু বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।