ভাৰত আজি মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ-এৰ এখন খেলত বাংলাদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন মানচেষ্টাৰৰ এমিৰ্টেছ অল্ড ট্ৰেফ’ৰ্ডত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ’ব।
হৰমনপ্রীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটো সম্প্ৰতি গ্রুপ-এৰ দ্বিতীয় স্থানত আছে। দলটোৱে ইতিমধ্যে খেলা ৩ খন খেলৰ ভিতৰত দুখনত জয়লাভ কৰিছে। বাংলাদেশেও এইপর্যন্ত দুখন খেলত জয়লাভ কৰিছে যদিও নেট ৰান ৰেটৰ ভিত্তিত দলটো সম্প্ৰতি গ্রুপ-এৰ চতুৰ্থ স্থানত আছে।
ভাৰতে প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয়খন খেলত ক্রমে পাকিস্তানক ৬৪ আৰু নেডাৰলেণ্ডছক ৯৫ ৰানৰ ব্যৱধানত পৰাস্ত কৰিছিল। অৱশ্যে তৃতীয়খন খেলত ভাৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬ উইকেটৰ ব্যৱধানত পৰাস্ত হৈছিল।