ৰাজ্যৰ পাঁচখন চিকিৎসা মহাবিদ্যালয় হাস্পতালে ৰাষ্ট্ৰীয় চিকিৎসালয় আৰু স্বাস্থ্যসেৱা প্ৰদানকাৰীৰ প্ৰত্যায়ন পৰিষদ NABH-ৰ স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল, বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল, যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল আছে।
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয়, যে ৰাজ্যৰ স্বাস্থ্য খণ্ড জনসাধাৰণৰ বাবে অধিক লাভদায়ক কৰাৰ বাবে ব্যাপক সংস্কাৰ আৰু নতুন যুগৰ অত্যাধুনিক পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়সমূহত উন্নত মানসম্পন্ন আৰু বিশ্বাসযোগ্য স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ লক্ষ্যৰে NABH-ৰ স্বীকৃতি লাভৰ বাবে আহ্বান জনোৱা হৈছিল আৰু এই পাঁচখন চিকিৎসা মহাবিদ্যালয় হাস্পতালে এই বিশেষ স্বীকৃতি লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এই স্বীকৃতিৰ বাবে ইতিমধ্যে পৰিদৰ্শন সম্পন্ন হৈছে বুলি ড° শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে ডিব্ৰুগড় আৰু লখিমপুৰৰ অসম কৰ্কট ৰোগ পৰিচৰ্যা কেন্দ্ৰই ও এই স্বীকৃতি লাভ কৰা বুলি জানিবলৈ দিয়ে। ইপিনে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কালি এখন সংবাদমেলত চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই কয়, যে যোৱা ১৫ আৰু ১৬ ফেব্ৰুৱাৰীত NABH-ৰ মূল্যায়ন প্ৰক্ৰিয়া সম্পন্ন হৈছিল।
সেই অনুসৰি আৰম্ভ কৰা আনুষ্ঠানিক প্ৰক্ৰিয়াৰ অন্তত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে চূড়ান্ত স্বীকৃতিৰ প্ৰমাণ পত্ৰ লাভ কৰিছে। তেওঁ লগতে এই সফলতাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসক, শিক্ষক আৰু সকলো কৰ্মচাৰীকে ধন্যবাদ জ্ঞাপন কৰে।