June 25, 2026 12:52 PM | transfer notice

printer

অসমৰ ১২খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল-সলনি

অসমৰ ১২ খন জিলাৰ আয়ুক্তসহ ৰাজ্য প্ৰশাসনত ব্যাপক সাল-সলনি কৰা হৈছে। কৰ্মচাৰী বিভাগে কালি প্ৰকাশ কৰা অধিসূচনা অনুসৰি জনস্বাস্থ্য কাৰিকৰী, জলসম্পদ, গৃহনির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিশেষ মুখ্য সচিব চৈয়দ্দিন আববাচীক গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দায়িত্বৰ পৰা অব্যাহতি দি জলসিঞ্চন বিভাগৰ অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

সমগ্ৰ শিক্ষাৰ পৰিচালন সঞ্চালক ডাঃ ওম প্রকাশক বন, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ সচিব হিচাপে, হোজাইৰ জিলা আয়ুক্ত দেৱপ্ৰসাদ মিশ্ৰক গৃহ বিভাগৰ সচিব, চিৰাঙৰ আয়ুক্ত মধুসূদন নাথক কৃষি বিভাগৰ সচিব, ধুবুৰীৰ আয়ুক্ত মেঘনিধি দাহালক বিত্ত বিভাগৰ সচিব আৰু এ আই ডি চিৰ পৰিচালন সঞ্চালক হিচাপে, বৰপেটাৰ আয়ুক্ত ৰোহন কুমাৰ ঝাক বৰাক উপত্যকা উন্নয়ন বিভাগৰ সচিব হিচাপে, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ সচিব পি বিজয় ভাস্কৰ ৰেড্ডিক সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰো সচিব হিচাপে নিয়োগ কৰা হৈছে ।

একেদৰে মুখ্যমন্ত্ৰী সচিবালয়ৰ সচিব তথা এ আই ডি চিৰ পৰিচালন সঞ্চালক এইচ এন গৌতমক এ আই ডি চিৰ পৰিচালন সঞ্চালকৰ পৰা অব্যাহতি দি বিত্ত বিভাগৰ সচিব হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে।
কাছাৰৰ আয়ুক্ত আয়ুস গাৰ্গক সমগ্ৰ শিক্ষা অসমৰ মিছন পৰিচালন সঞ্চালক হিচাপে, বঙাইগাঁৱৰ আয়ুক্ত দিবাকৰ নাথক ধুবুৰীৰ আয়ুক্ত হিচাপে, সংখ্যালঘু কল্যাণ, বৰাক উপত্যকা উন্নয়ন আৰু জলসিঞ্চন বিভাগৰ সচিব আদিত্য বিক্রম যাদৱক অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ৰ সঞ্চালক হিচাপে অতিৰিক্ত দায়িত্ব দিয়া হৈছে।

গৃহ বিভাগৰ অতিৰিক্ত সচিব মাচন্দা মাগডালিন পাৰ্টিনক মুখ্যমন্ত্ৰী সচিবালয়ৰ অতিৰিক্ত সচিব, দক্ষিণ শালমাৰা মানকাচৰৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাক কাচাৰৰ আয়ুক্ত, ওদালগুৰিৰ আয়ুক্ত জয় বিকাশক হাইলাকান্দিৰ আয়ুক্ত, মাজুলীৰ আয়ুক্ত সৃষ্টি সিঙক মৰিগাঁৱৰ আয়ুক্ত, বিক্ৰী কৰ বিভাগৰ বিশেষ আয়ুক্ত পৰিক্ষিত থৌদমক দক্ষিণ শালমাৰা মানকাচৰৰ আয়ুক্ত সাধাৰণ প্ৰশাসন বিভাগৰ সঞ্জয় দত্তক হোজাইৰ আয়ুক্ত, ৰাজহ বিভাগৰ বিভাগৰ অতিৰিক্ত সচিব ৰাতুল চন্দ্ৰ পাঠকক মাজুলীৰ আয়ুক্ত, মৰিগাঁৱৰ আয়ুক্ত অনামিকা তিৱাৰীক উদ্যোগ বিভাগৰ অতিৰিক্ত সচিব আৰু প্রশাসনীয় সচিব তথা প্রশিক্ষণ পেঞ্চন আৰু ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি বিভাগৰ অতিৰিক্ত সচিব নৱদীপ পাঠকক বৰপেটাৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে।

একেদৰে মহিলা আৰু শিশু উন্নয়ন বিভাগৰ অতিৰিক্ত সচিব পুলক পাটগিৰিক ওদালগুৰিৰ আয়ুক্ত হিচাপে, দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰৰী শ‍ইকীয়া কৰণক বিশ্বনাথৰ আয়ুক্ত, বিশ্বনাথৰ আয়ুক্ত লক্ষীনন্দন চহৰীয়াক বঙাইগাঁৱৰ আয়ুক্ত হিচাপে আৰু কৃষি বিভাগৰ যুটীয়া সচিব গকুল চন্দ্ৰ বৰাক চিৰাঙৰ আয়ুক্ত হিচাপে বদলি কৰা হৈছে।