June 25, 2026 12:43 PM | Neepco

printer

অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলার্ট

অৰুণাচল প্ৰদেশৰ নৱগঠিত কেয়ী পান্যৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নীপকো প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হয়। নীপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে, বানৰ ফলত নীপকো কলনীৰ সমীপৰ এখন নির্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ধলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰ গতিত সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰ ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, বিগত সময়ছোৱাত অৰুণাচল প্ৰদেশৰ য়াজালি অঞ্চলত ৭২ দশমিক ৮ মিলিমিটাৰ বৰষুণ হৈছে। অঞ্চলটোত বিশেষকৈ কালি পুৱা হোৱা বৰষুণে আকস্মিক বানৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ এখন গে’ট খুলি দিবলগীয়া হয়।

ইয়াৰ প্ৰভাৱ অসমৰ ধেমাজি, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত পৰিব পাৰে বুলি সতর্কতা জাৰি কৰা হৈছে। এই প্ৰভাৱ পৰ্য্যায়ক্রমে অন্য জিলা হৈ ধুবুৰীলৈকে বিয়পিব পাৰে বুলি সতর্ক বাণীত উল্লেখ কৰা হৈছে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে মুখ্য সচিব ড০ ৰবি কোটাই সংশ্লিষ্ট সকলো কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু অন্য জৰুকালীন সঁহাৰি সংস্থাসমূহক প্রয়োজন হ’লেই নিয়োজিত কৰিব পৰাকৈ সাজু কৰি ৰখা হৈছে । বানৰ সময়ছোৱাত সৃষ্টি হোৱা কোৱাল সোঁতলৈ চাই জনসাধাৰণক বানৰ কৱলত পৰা এলেকালৈ নাযাবলৈ আৰু থলুৱাভাৱে নিৰ্মিত নাৱেৰে ব্ৰহ্মপুত্ৰৰ বুকুৰে যাতায়াত নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। জনসাধাৰণক যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সন্মুখীন হ’লে ৬০০০-১৮৮-৬২৮ নম্বৰত ফোন কৰি জনাবলৈ কোৱা হৈছে।