July 25, 2026 9:01 PM

views 12

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন স্পীলৱে গেট মুকলি

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ চাৰিখন স্পীলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গে'টেৰে প্ৰতি ছেকেণ্ডত প্রায় ২ লাখ ১১ হাজাৰ লিটাৰ পানী এৰি দিয়া হৈছে। ইয়াৰ ফলত গোলাঘাট আৰু বোকাখাত মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত জিলাখনৰ মেৰাপানীৰ কাচমাৰী অঞ্চলৰ ধৰ্মপুৰ, ইটানগৰ, পদুমপথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিত পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি জিলা ...

June 25, 2026 12:43 PM

views 22

অৰুণাচল প্ৰদেশৰ আকস্মিক বানৰ পৰিপ্ৰেক্ষিতত অসমত হাই এলার্ট

অৰুণাচল প্ৰদেশৰ নৱগঠিত কেয়ী পান্যৰ জিলাৰ য়াজালি চক্ৰৰ অন্তৰ্গত নীপকো প্ৰকল্প কলনীত পৰহিৰে পৰা হোৱা ধাৰাষাৰ বৰষুণৰ বাবে প্ৰবল বানৰ সৃষ্টি হয়। নীপকোৰ সূত্ৰই প্ৰকাশ কৰা মতে, বানৰ ফলত নীপকো কলনীৰ সমীপৰ এখন নির্মীয়মান প্ৰতিৰোধক দেৱাল খহি পৰে আৰু হঠাতে অহা ধলে অঞ্চলটোৰ ব্যাপক ক্ষতিসাধন কৰে। তীব্ৰ গতিত সোমাই অহা পানীয়ে কেইবাটাও আৱাসিক কোৱাৰ্টাৰৰ ক্ষতিসাধন কৰে। এনে পৰিস্থিতিত অসম চৰকাৰে ৰাজ্যত হাই এলাৰ্ট জাৰি কৰিছে। প্ৰশাসনে ৰাজ্যৰ কেইবাখনো জিলাত বানৰ প্ৰভাৱ পৰাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন...