July 25, 2026 9:01 PM | Neepco

printer

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ চাৰিখন স্পীলৱে গেট মুকলি

নীপকোৰ দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ জলধাৰৰ পানী ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰকল্পটোৰ চাৰিখন স্পীলৱে গেট খুলি দিবলগীয়া হৈছে। বৰ্তমান এই গে’টেৰে প্ৰতি ছেকেণ্ডত প্রায় ২ লাখ ১১ হাজাৰ লিটাৰ পানী এৰি দিয়া হৈছে। ইয়াৰ ফলত গোলাঘাট আৰু বোকাখাত মহকুমাৰ কেইবাখনো নদীৰ জলস্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত জিলাখনৰ মেৰাপানীৰ কাচমাৰী অঞ্চলৰ ধৰ্মপুৰ, ইটানগৰ, পদুমপথাৰৰ কিছু অঞ্চলৰ কৃষিভূমিত পানী সোমাইছে। বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি গোলাঘাট জিলাৰ আয়ুক্তই এই অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিস্থিতি পৰিদৰ্শন কৰি জিলা আয়ুক্তগৰাকীয়ে কয় যে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ গোলাঘাট জিলা প্রশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে।

বান প্রভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্রশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। কর্তৃপক্ষসমূহে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত জিলাসমূহত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে।