বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ’বঃ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস

বিধানসভা সচিবালয়ত সংঘটিত অনিয়মৰ তদন্ত শীঘ্ৰেই হ’ব। এই তদন্ত প্রক্রিয়া বর্তমানো স্থবিৰ হোৱা নাই আৰু শীঘ্ৰেই তদন্ত সমিতি গঠন হ’ব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে কালি দিছপুৰ প্ৰেছ ক্লাবৰ ‘এইমাহৰ অতিথি’ শীৰ্ষক অনুষ্ঠানত অংশ লৈ এইদৰে প্ৰকাশ কৰে।

অনুষ্ঠানত সাংবাদিকৰ সৈতে হোৱা কথা- বতৰাত অধ্যক্ষ দাসে কয়, যে কোনোৱেই আইনৰ ঊৰ্ধত নহয়। বিধানসভাৰ অনিয়ম সন্দৰ্ভত যিকোনো লোকে ন্যায়ালয়ৰ কাষ চাপিব অথবা বিধানসভা সচিবালয়ত তথ্য জনা আইনৰ জৰিয়তে তথ্য বিচাৰিব পাৰে বুলি তেওঁ মন্তব্য কৰে। সংবাদ মাধ্যমৰ বিশ্বাসযোগ্যতা সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত অধ্যক্ষগৰাকীয়ে কয়, যে সংবাদ মাধ্যমে বিশ্বাসযোগ্যতা হেৰুৱালে গণতন্ত্ৰত আঘাত কৰিব।

কিয়নো গণতন্ত্ৰৰ চাৰিটা স্তম্ভৰ এটা স্তম্ভ সংবাদ মাধ্যম। তেওঁ কয়, যে সাংবাদিকসকলে নীলকণ্ঠৰ দৰে সমাজৰ অনিষ্টকাৰী বার্তাসমূহ ৰাখি থব লাগে আৰু ভাল খবৰসমূহ জনসাধাৰণৰ মাজত বিলাই দিব লাগে। সাংবাদিকসকলে সমাজ গঠনত এইদৰে মুখ্য ভূমিকা গ্ৰহণ কৰিলেহে দেশ- সমাজৰ সংস্কাৰ হ’ব বুলি শ্ৰী দাসে মন্তব্য কৰে।