চৰাইদেউ জিলাৰ যুৱক যুৱতীসকলক ভাৰতীয় সেনা বাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে আজি লাকুৱা নাহৰ হাবি চাহ বাগিচাত অগ্নিবীৰ নিযুক্তি প্রক্ৰিয়াৰ ষষ্ঠ প্রস্তুতি শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰত প্ৰাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিকভাবে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰ পৰা ভাৰতীয় সেনা বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত যুৱক-যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষাসমূহ সম্পন্ন কৰা হয়। এই কাৰ্যসূচী চৰাইদেউ জিলা আযুক্ত ড০ নেহা যাদৱ আৰু সহকাৰী আয়ুক্ত বিবেক শর্মা উপস্থিত থাকি প্ৰাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানতে নিচামুক্তি ভাৰত সপ্তাহো উদযাপন কৰা হয়।
Assamese | June 26, 2026 7:38 PM | Agniveer Appointment
চৰাইদেউত অগ্নিবীৰ নিযুক্তি প্রক্ৰিয়াৰ ষষ্ঠ প্রস্তুতি শিবিৰ সফলতাৰে সম্পন্ন