June 26, 2026 7:38 PM

views 15

চৰাইদেউত অগ্নিবীৰ নিযুক্তি প্রক্ৰিয়াৰ ষষ্ঠ প্রস্তুতি শিবিৰ সফলতাৰে সম্পন্ন

চৰাইদেউ জিলাৰ যুৱক যুৱতীসকলক ভাৰতীয় সেনা বাহিনীৰ বিভিন্ন শাখাত নিযুক্তিৰ বাবে উপযুক্ত কৰি গঢ়ি তোলাৰ লক্ষ্যৰে আজি লাকুৱা নাহৰ হাবি চাহ বাগিচাত অগ্নিবীৰ নিযুক্তি প্রক্ৰিয়াৰ ষষ্ঠ প্রস্তুতি শিবিৰ সফলতাৰে সম্পন্ন হয়। শিবিৰত প্ৰাৰ্থীসকলৰ শাৰীৰিক আৰু মানসিকভাবে প্ৰস্তুত কৰি তোলাৰ লক্ষ্যৰে আজি পুৱাৰ পৰা ভাৰতীয় সেনা বিষয়াসকলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত যুৱক-যুৱতীসকলৰ উচ্চতা নিৰূপণ, দৌৰ প্ৰতিযোগিতাৰ দৰে প্ৰাৰম্ভিক পৰীক্ষাসমূহ সম্পন্ন কৰা হয়। এই কাৰ্যসূচী চৰাইদেউ জিলা আযুক্ত ড০ নেহা যাদৱ আৰু সহকাৰী আয়ুক্...

January 17, 2026 12:44 PM

views 56

অসমৰ ৪ খন জিলাত অগ্নিবীৰ নিযুক্তিৰ বাবে ইতিমধ্যে সূচীভুক্ত প্ৰাৰ্থীসকলৰ নিযুক্তি ৰেলীৰ ব্যৱস্থা

সেনা বাহিনীয়ে অসমৰ ৪ খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাওঁ আৰু মৰিগাওঁত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা কৰিছে। অহা ২২ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ মিছামাৰী সেনা শিবিৰৰ যশৱন্ত সেনা শিবিৰত এই ৰেলীৰ আয়োজন কৰা হৈছে। যোগ্যতা সম্পন্ন প্রার্থীয়ে ভাৰতীয় সেনা বাহিনীৰ ৱেবছাইট www.joininindianarmy.nic.in ৰ পৰা নিজৰ প্রবেশ পত্র ডাউনলোড কৰিব পাৰিব।

January 16, 2026 8:09 PM

views 53

অসমৰ ৪ খন জিলাত অগ্নিবীৰত সূচীভুক্ত প্ৰাৰ্থীৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা

ভাৰতীয় সেনা বাহিনীয়ে অসমৰ ৪ খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাওঁ আৰু মৰিগাওঁত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা কৰিছে। অহা ২২ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ মিছামাৰী সেনা শিবিৰৰ যশৱন্ত সেনা শিবিৰত এই ৰেলীৰ আয়োজন কৰা হৈছে। যোগ্যতা সম্পন্ন প্ৰাৰ্থীয়ে ভাৰতীয় সেনা বাহিনীৰ ৱেবছাইট www.joininindianarmy.nic.in ৰ পৰা নিজৰ প্ৰবেশ পত্র ডাউনলোড কৰিব পাৰিব। বাচনি হৈও প্...

January 5, 2025 11:27 AM

views 50

লখিমপুৰ জিলাত আজি অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে অসামৰিক প্ৰতিৰক্ষা সংযুক্ত পৰীক্ষা

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে লখিমপুৰ জিলাত আজি অসম আৰক্ষী উপ পৰিদৰ্শক পদৰ বাবে অসামৰিক প্ৰতিৰক্ষা সংযুক্ত পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা দণ্ডাধীশে পৰীক্ষা হ'বলগীয়া কেন্দ্ৰসমূহত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰসমূহৰ ১০০ মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত প্ৰাৰ্থী আৰু পৰীক্ষাৰ কামত নিয়োজিত বিষয়া কৰ্মচাৰীৰ বাবে অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। কোনো প্রার্থীয়ে মোবাইল ফোন নাইবা কোনো ধৰণৰ ডিজিটেল যোগাযোগৰ মাধ্যম, কেলকুলেটৰ, পেইন ড্রাইভ, পাঠ্যপুথি আদি পৰীক্ষা কেন্দ্ৰৰ ভিত...

July 12, 2024 9:23 AM

views 32

কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব

■ কেন্দ্রীয় বাহিনীসমূহে প্রাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰিব। অগ্নীপথ আঁচনিক লৈ চলি থকা বিতৰ্কৰ মাজতেই কেন্দ্ৰীয় বাহিনীসমূহে প্ৰাক্তন অগ্নিবীৰসকলৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা ৰূপায়ণ কৰাৰ কথা ঘোষণা কৰিছে। সীমান্ত সুৰক্ষা বাহিনী, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী আৰু সশস্ত্ৰ সীমা বলৰ দৰে কেন্দ্ৰীয় বাহিনীসমূহৰ মুৰববীসকলে কৈছে যে, প্রাক্তন অগ্নিবীৰসকলে বয়সৰ উৰ্ধ সীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব আৰু তেওঁলোকৰ বাবে শাৰিৰীক দক্ষতাৰ ...

July 10, 2024 7:11 PM

views 35

ৰাজ্যৰ ৯ খন জিলাৰ অগ্নিবীৰ আঁচনিৰ প্ৰাৰ্থীৰ বাবে নিযুক্তি সমাবেশৰ আয়োজন

যোৰহাট জিলাৰ সেনা নিযুক্তি কাৰ্যালয়ে ৰাজ্যৰ ৯ খন জিলাৰ অগ্নিবীৰ আঁচনিৰ প্ৰাৰ্থীৰ বাবে অহা ১৫ জুলাইৰ পৰা ২০ জুলাইলৈ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰ জিলাৰ বাছনিভুক্ত প্রার্থীয়ে এই সমাৱেশত অংশ ল'ব পাৰিব। প্রার্থীসকলে প্ৰৱেশ পত্ৰত উল্লেখ কৰা দিনটোত অনুশীলন কৰা স্থানত উপস্থিত হ'বলৈ আহ্বান জনোৱা হৈছে। বাছনিভুক্ত প্রার্থীসকলে নিযুক্তি সমাবেশত দৌৰৰ লগতে শাৰীৰিক সক্ষমতাৰ পৰীক্ষা আৰু স্বাস্থ্য পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব...