সেনা বাহিনীয়ে অসমৰ ৪ খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাওঁ আৰু মৰিগাওঁত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা কৰিছে। অহা ২২ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ’ব। শোণিতপুৰ জিলাৰ মিছামাৰী সেনা শিবিৰৰ যশৱন্ত সেনা শিবিৰত এই ৰেলীৰ আয়োজন কৰা হৈছে। যোগ্যতা সম্পন্ন প্রার্থীয়ে ভাৰতীয় সেনা বাহিনীৰ ৱেবছাইট www.joininindianarmy.nic.in ৰ পৰা নিজৰ প্রবেশ পত্র ডাউনলোড কৰিব পাৰিব।
Assamese | January 17, 2026 12:44 PM | Agniveer Appointment | Akashvani | Akashvani Guwahati | Indian Army
অসমৰ ৪ খন জিলাত অগ্নিবীৰ নিযুক্তিৰ বাবে ইতিমধ্যে সূচীভুক্ত প্ৰাৰ্থীসকলৰ নিযুক্তি ৰেলীৰ ব্যৱস্থা