June 6, 2026 2:59 PM

views 40

ভাৰত আৰু আমেৰিকাৰ সেনাৰ ২৯ সংখ্যক উচ্চস্তৰীয় বৈঠক হাৱাইত অনুষ্ঠিত হয়

• ভাৰত আৰু আমেৰিকাৰ সেনাৰ ২৯ সংখ্যক উচ্চস্তৰীয় বৈঠক আজি হাৱাইত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় সেনাৰ ৰণনীতি বিভাগৰ উপ-সেনা প্রমুখ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু আমেৰিকাৰ সেনাৰ ডেপুটি কামাণ্ডিং জেনেৰেল জোৱেল ৱ’ৱেলে সহ-অধ্যক্ষতা কৰে।  আজিৰ এই বৈঠকত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে যৌথ অভিযানৰ সামর্থ্য বৃদ্ধি কৰা বৃত্তিজীৱী ব্যক্তিৰ বিনিময় সম্প্ৰসাৰিত কৰা আৰু উভয় পক্ষৰ নিৰাপত্তাৰ স্বাৰ্থত সামৰিক সহযোগিতা অধিক গভীৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়। উভয় পক্ষই দেশ দুখনৰ মাজৰ সেনাৰ বৰ...

January 17, 2026 12:44 PM

views 67

অসমৰ ৪ খন জিলাত অগ্নিবীৰ নিযুক্তিৰ বাবে ইতিমধ্যে সূচীভুক্ত প্ৰাৰ্থীসকলৰ নিযুক্তি ৰেলীৰ ব্যৱস্থা

সেনা বাহিনীয়ে অসমৰ ৪ খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাওঁ আৰু মৰিগাওঁত অগ্নিপথ আঁচনিৰ অধীনত অগ্নিবীৰ হিচাপে নিযুক্তি দিয়াৰ বাবে ইতিমধ্যে সূচীভুক্ত কৰা প্ৰাৰ্থীসকলৰ বাবে নিযুক্তি ৰেলী ব্যৱস্থা কৰিছে। অহা ২২ ফেব্ৰুৱাৰীত মৰিগাঁও জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই ৰেলী অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলাৰ মিছামাৰী সেনা শিবিৰৰ যশৱন্ত সেনা শিবিৰত এই ৰেলীৰ আয়োজন কৰা হৈছে। যোগ্যতা সম্পন্ন প্রার্থীয়ে ভাৰতীয় সেনা বাহিনীৰ ৱেবছাইট www.joininindianarmy.nic.in ৰ পৰা নিজৰ প্রবেশ পত্র ডাউনলোড কৰিব পাৰিব।

November 4, 2025 8:07 PM

views 69

নতুন দিল্লীত সেনা বাহিনী ক্রীড়া সমাৰোহ-২০২৫ আয়োজন

ভাৰতীয় সেনা বাহিনীয়ে আজি নতুন দিল্লীত সেনা বাহিনী ক্রীড়া সমাৰোহ-২০২৫ আয়োজন কৰিছে। ২০৩৬ চনৰ দেশৰ অলিম্পিক অভিযানৰ প্ৰতি লক্ষ্য ৰাখি সেনাবাহিনীৰ শ্ৰেষ্ঠ খেলুৱৈসকলক আগুৱাই নিয়াৰ দায়বদ্ধতাৰে এই সমাৰোহ আয়োজন কৰা হৈছে। বিভিন্ন ক্রীড়া সংস্থাৰ সৈতে সহযোগিতাৰে আৰু এথলিট থ্রি ছিক্সটি শীর্ষক অভিযান এই দুটা মূল বিষয়েৰে এই সমাৰোহৰ আয়োজন কৰা হৈছে। এই সমাৰোহত সেনা বাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্র দ্বিবেদীয়ে দেশৰ ক্ৰীড়াক্ষেত্ৰলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে সেনাবাহিনীৰ তিনিগৰাকী বিশিষ্ট ক্রীড়াবিদক জীৱনজোৰা স...

October 27, 2025 7:38 PM

views 76

দেশৰ সেনা বাহিনীয়ে আজি ৭৯ সংখ্যক পদাতিক দিৱস পালন কৰিছে

দেশৰ সেনা বাহিনীয়ে আজি ৭৯ সংখ্যক পদাতিক দিৱস পালন কৰিছে। স্বাধীন ভাৰতৰ সেনা বাহিনীয়ে ১৯৪৭ চনৰ ২৭ অক্টোবৰত কাশ্মীৰ উপত্যকাত পাকিস্তানে চলোৱা আক্রমণক প্ৰথম প্ৰত্যুত্তৰ জনোৱাৰ স্মৃতিত সেই দিৱস পালন কৰা হয়। দেশৰ অখণ্ডতা আৰু আঞ্চলিক সংহতি ৰক্ষাৰ বাবে দেশৰ সেনা বাহিনীৰ শিখ ৰেজিমেণ্টৰ প্ৰথমটো বেটেলিয়ন শ্ৰীনগৰত মকৰল কৰা হৈছিল। পাকিস্তানৰ সেনা বাহিনীৰ সহায়ত ভাৰতত আক্রমণ চলোৱাৰ প্ৰয়াস কৰা আক্ৰমণকাৰীক দেশৰ সেনা বাহিনীয়ে সাহসিকতাৰে প্ৰতিহত কৰিছিল। এই দিৱস উপলক্ষে সেনা বাহিনীৰ পদাতিক সেনাৰ মহা নিৰ্দেশ...

October 26, 2025 11:31 AM

views 73

ৰাজস্থানৰ জেইচলমেৰত সেনাৰ কমাণ্ডাৰসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কল্যাণমূলক পদক্ষেপৰ উদ্বোধন

ভাৰতীয় সেনাৰ দশকযোৰা পৰিৱৰ্তনৰ দৃষ্টিভংগীক শক্তিশালী ৰূপ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কালি ৰাজস্থানৰ জেইচলমেৰত সেনাৰ কমাণ্ডাৰসকলৰ সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ ডিজিটেল আৰু কল্যাণমূলক পদক্ষেপৰ উদ্বোধন কৰে। এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ ভিতৰত কোনার্ক আৰু ফায়াৰ এণ্ড ফিউৰি বাহিনীৰ বাবে ডাটা চেণ্টাৰৰ উদ্বোধন কৰে। সেনাৰ ডিজিটেল আন্তঃগাঁথনি শক্তিশালী কৰাৰ দিশত এই ডাটা চেন্টাৰক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে চিহ্নিত কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে আধুনিক সঁজুলি হেল্প লাইন প'ৰ্টেল মুকলি...

June 3, 2025 9:30 PM

views 71

ভাৰতে সন্ত্রাস আৰু পাৰমানৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছাঁয়াত জীয়াই নাথাকেঃ ছীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান

ভাৰতে সন্ত্রাস আৰু পাৰমানৱিক যুদ্ধৰ ভীতি প্ৰদৰ্শনৰ ছাঁয়াত জীয়াই নাথাকে বুলি ছীফ অৱ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহানে স্পষ্ট কৰি দিছে। তেওঁ কয়, যে পাকিস্তানৰ ছায়া যুদ্ধক কোনো কাৰণতে সহ্য কৰা নহব । সাবিত্রী বাই ফুলে পুণে বিশ্ববিদ্যালয়ত ভৱিষ্যতৰ যুদ্ধ আৰু যুদ্ধ কৌশল সন্দৰ্ভত বক্তৃতা দি শ্রীচৌহানে আজি এইদৰে প্ৰকাশ কৰে। সেনা বাহিনীৰ নতুন নীতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, যে তেওঁলোকে সামৰিক অভিযানৰ সন্ত্ৰাসবাদক পানীৰ দৰে গুৰুত্বপূৰ্ণ সম্পদৰ সৈতে সংযুক্ত কৰিছে। তেওঁ কয় যে পেহেলগাম সন্ত্রাসবাদী আক...

May 21, 2025 7:50 PM

views 70

সীমান্ত সুৰক্ষা বাহিনীয়ে অমৃতচৰৰ পৰা এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰিছে

সীমান্ত সুৰক্ষা বাহিনীয়ে কালি সন্ধিয়া পাঞ্জাবৰ সীমান্তৱৰ্তী এলেকা অমৃতচৰৰ পৰা এজন পাকিস্তানী অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰে। সুৰক্ষা বাহিনীৰ জোৱানে আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হোৱা সন্দেহজনক লোকজনে সীমান্তৰ নিৰাপত্তা বেৰ পাৰ হ'বলৈ চেষ্টা কৰা কাৰ্য নিৰীক্ষণ কৰি লোকজনৰ এই কাৰ্যক প্ৰত্যাহ্বান জনাই তেওঁক গ্ৰেপ্তাৰ কৰে।সীমান্ত সুৰক্ষা বাহিনীয়ে জনোৱা মতে সন্দেহজনক লোকজনে নিজক পাকিস্তানী নাগৰিক বুলি প্ৰকাশ কৰিছে। তালাচীৰ সময়ত লোকজনৰ পৰা ৩৩০ টকা পাকিস্তানী নোট উদ্ধাৰ কৰা হৈছে। সীমান্ত সুৰক্ষা বাহিনী আৰু ...

May 5, 2025 4:45 PM

views 91

জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত পাকিস্তানী সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাৰ ফলপ্রসূ প্রতিক্রিয়া

● জম্মু-কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাৰ কাষত যোৱা নিশা পাকিস্তানৰ সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনাইও ফলপ্রসূ প্রতিক্রিয়া প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা সূত্ৰ সমূহে জনোৱা মতে, জম্মু-কাশ্মীৰৰ কুপৱাৰা, বাৰামুল্লা, পুঞ্চ, ৰাজৌৰী, মেন্ধাৰ, নৌশ্বেৰা, সুন্দৰবানি আৰু আখনূৰ অঞ্চলৰ বিপৰীতে নিয়ন্ত্ৰণ ৰেখাৰ সিপাৰে পাকিস্তান সেনাই অপ্ৰৰোচিত ক্ষুদ্র অস্ত্ৰৰ গুলীচালনাৰ আশ্ৰয় লয়। ভাৰতীয় সৈন্যই ইয়াৰ পাছত তৎক্ষণাত সঁহাৰি জনায়। কোনো লোক হতাহতি হোৱাৰ খবৰ লাভ কৰা হোৱা নাই।

November 1, 2024 8:29 PM

views 64

আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতীয় সেনাৰ দল ৰাওনা

ভাৰতীয় সেনাৰ এটা দল ভাৰত আৰু আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাওনা হৈছে। এই অনুশীলন আমেৰিকাৰ আইডাহোৰ আৰ্চৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত কাইলৈৰ পৰা ২২ নবেম্বৰলৈ অনুষ্ঠিত হ'ব। যোৱা বছৰ মেঘালয়ৰ আমচৈত এই অনুশীলন অনুষ্ঠিত হৈছিল। এই অনুশীলন হৈছে ভাৰত আৰু আমেৰিকাৰ সৈন্য বাহিনীৰ মাজৰ দ্বিতীয় অনুশীলন। পূৰ্বৰ অনুশীলন যুদ্ধ অভ্যাস ২০২৪ ৰাজস্থানত ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয় যে, যৌথ অনুশীলনত অংশগ্ৰহণ কৰা দুয়ো...

October 14, 2024 6:16 PM

views 98

ভাৰত আৰু জাপানৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে ৪ দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ ৰাওনা সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিৱেদী

সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীয়ে ভাৰত আৰু জাপানৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে চাৰিদিনীয়া ভ্ৰমণসূচী লৈ জাপানলৈ ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এই ভ্রমণসূচীৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজৰ সৈন্যবাহিনীৰ মাজৰ সহযোগিতা শক্তশালী কৰা। শ্ৰীদ্বিৱেদীয়ে ইচিগায়াৰ জাপান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ সেনা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ'ব। ভাৰতীয় সেনাবাহিনীৰ মুৰববীগৰাকীয়ে ইচিগায়াত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ স্মাৰকতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব।