ভাৰত আৰু আমেৰিকাৰ সেনাৰ ২৯ সংখ্যক উচ্চস্তৰীয় বৈঠক হাৱাইত অনুষ্ঠিত হয়

• ভাৰত আৰু আমেৰিকাৰ সেনাৰ ২৯ সংখ্যক উচ্চস্তৰীয় বৈঠক আজি হাৱাইত অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় সেনাৰ ৰণনীতি বিভাগৰ উপ-সেনা প্রমুখ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই আৰু আমেৰিকাৰ সেনাৰ ডেপুটি কামাণ্ডিং জেনেৰেল জোৱেল ৱ’ৱেলে সহ-অধ্যক্ষতা কৰে। 

আজিৰ এই বৈঠকত দ্বিপাক্ষিক প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ লগতে যৌথ অভিযানৰ সামর্থ্য বৃদ্ধি কৰা বৃত্তিজীৱী ব্যক্তিৰ বিনিময় সম্প্ৰসাৰিত কৰা আৰু উভয় পক্ষৰ নিৰাপত্তাৰ স্বাৰ্থত সামৰিক সহযোগিতা অধিক গভীৰ কৰাৰ বিষয়ে আলোচনা কৰা হয়।

উভয় পক্ষই দেশ দুখনৰ মাজৰ সেনাৰ বৰ্ধিত পাৰস্পৰিক সহযোগিতাৰ শলাগ লোৱাৰ লগতে এই সহযোগিতাক অধিক শক্তিশালী কৰি তোলাৰ বাবে দায়ৱদ্ধতা প্রকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।