সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিৱেদীয়ে ভাৰত আৰু জাপানৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যে চাৰিদিনীয়া ভ্ৰমণসূচী লৈ জাপানলৈ ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কৈছে যে এই ভ্রমণসূচীৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজৰ সৈন্যবাহিনীৰ মাজৰ সহযোগিতা শক্তশালী কৰা। শ্ৰীদ্বিৱেদীয়ে ইচিগায়াৰ জাপান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ জ্যেষ্ঠ সেনা বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব। ভাৰতীয় সেনাবাহিনীৰ মুৰববীগৰাকীয়ে ইচিগায়াত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ স্মাৰকতো শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিব।
Assamese | October 14, 2024 6:16 PM | Indian Army | Upendra Dwivedi | upendra dwivedi army general
ভাৰত আৰু জাপানৰ মাজৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ উদ্দেশ্যে ৪ দিনীয়া ভ্ৰমণসূচীৰে জাপানলৈ ৰাওনা সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিৱেদী