ভাৰতীয় সেনাৰ এটা দল ভাৰত আৰু আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাওনা হৈছে। এই অনুশীলন আমেৰিকাৰ আইডাহোৰ আৰ্চৰ্ড কমবেট ট্রেইনিং চেণ্টাৰত কাইলৈৰ পৰা ২২ নবেম্বৰলৈ অনুষ্ঠিত হ’ব। যোৱা বছৰ মেঘালয়ৰ আমচৈত এই অনুশীলন অনুষ্ঠিত হৈছিল। এই অনুশীলন হৈছে ভাৰত আৰু আমেৰিকাৰ সৈন্য বাহিনীৰ মাজৰ দ্বিতীয় অনুশীলন। পূৰ্বৰ অনুশীলন যুদ্ধ অভ্যাস ২০২৪ ৰাজস্থানত ছেপ্তেম্বৰ মাহত অনুষ্ঠিত হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে কয় যে, যৌথ অনুশীলনত অংশগ্ৰহণ কৰা দুয়োখন দেশৰ দলত মুঠ ৪৫ জন জোৱান থাকিব। ভাৰতীয় সৈন্যৰ দলটোৰ প্ৰতিনিধিত্ব কৰিব বিশেষ বাহিনীৰ শাখাই আৰু আমেৰিকাৰ সৈন্য দলটোক প্ৰতিনিধিত্ব কৰিব আমেৰিকাৰ গ্ৰীণ বেৰেটে।
Assamese | November 1, 2024 8:29 PM | American | India | Indian Army | USA
আমেৰিকাৰ বিশেষ বাহিনীসমূহৰ যুটীয়া সামৰিক অনুশীলন বজ্ৰ প্ৰহাৰৰ পঞ্চদশ সংস্কৰণত অংশগ্ৰহণৰ উদ্দেশ্যে ভাৰতীয় সেনাৰ দল ৰাওনা