October 9, 2024 6:13 PM

views 68

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত চলোৱা সন্ত্রাসবিৰোধী অভিযানৰ সময়ত এজন সৈনিক সন্ধানহীন

দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত চলোৱা সন্ত্রাসবিৰোধী অভিযান এটাৰ সময়ত এজন সৈনিক সন্ধানহীন হোৱাৰ বাতৰি পোৱা গৈছে। সেনা বাহিনীয়ে সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত প্ৰকাশ কৰা মতে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত কোকেৰনাগৰ কাজৱান বনাঞ্চলত কালি আৰক্ষী আৰু আন নিৰাপত্তা সংস্থাসমূহে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলায়। ওৰে নিশা চলোৱা এই অভিযানৰ সময়তে এজন জোৱান সন্ধানহীন হোৱা বুলি উল্লেখ কৰি বাতৰিটোত লগতে কোৱা হৈছে যে, অঞ্চলটোত ব্যাপক তালাচী অভিযান চলাই থকা হৈছে।

September 3, 2024 8:08 PM

views 76

চত্তিশগড়ত সুৰক্ষা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত ৯ জন মাওবাদী নিহত

চত্তিশগড়ৰ বাস্তাৰ সংমণ্ডলৰ দান্তেৱাড়া আৰু বিজাপুৰ জিলাৰ সীমামুৰীয়া এলেকাত আজি সুৰক্ষা বাহিনীৰ সৈতে হোৱা এটা সংঘৰ্ষত ৯ জন মাওবাদী নিহত হয়। এনদ্ৰি গাঁওৰ সমীপৰ এলেকাটোত ভালেসংখ্যক মাওবাদী আত্মগোপন কৰি থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চি আৰ পি এফ আৰু জিলা সংৰক্ষিত বাহিনীৰ ডিজিআৰৰ এটা যুটীয়া দলে চলোৱা অভিযানৰ সময়ত সংঘৰ্ষৰ সূত্ৰপাত হয়। সংঘৰ্ষস্থলীৰ পৰা মাওবাদীৰ ৯ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। সংঘৰ্ষস্থলীৰ পৰা এটা এছ এল আৰ ৰাইফল আৰু দুটা অন্য ৰাইফল উদ্ধাৰ কৰা হৈছে। আ...

July 18, 2024 5:00 PM

views 60

জম্মু-কাশ্মীৰৰ ডোডা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি সংঘৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ দুজন জোৱান আহত

জম্মু-কাশ্মীৰত আজি পুৱা ডোডা জিলাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত ভাৰতীয় সৈন্য বাহিনীৰ দুজন জোৱান আহত হয়। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা অনুসৰি কষ্টিগড় অঞ্চলৰ জদ্দন বাটা গাঁৱত এই সংঘৰ্ষ সংঘটিত হয়। অনুসন্ধান অভিযানৰ বাবে চৰকাৰী বিদ্যালয়ত স্থাপন কৰা অস্থায়ী নিৰাপত্তা শিবিৰত সন্ত্ৰাসবাদীয়ে গুলীচালনা কৰাৰ পাছত সুৰক্ষা বাহিনীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰে। দুয়োপক্ষৰ মাজত এঘণ্টাতকৈও অধিক সময়জুৰি চলা গুলীচালনাত সেনা বাহিনীৰ দুজন জোৱান আঘাতপ্ৰাপ্ত হয়। উল্লেখযোগ্য যে যোৱা ...

July 4, 2024 2:38 PM

views 67

ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধঃ ৰাজনাথ সিং

■ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰতীয় সেনা অগ্নিবীৰ সকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্রীসিঙে অগ্নিবীৰ অজয় কুমাৰক প্ৰদান কৰা বেতন তথা অন্যান্য সা- সুবিধাসমূহৰ বিষয়ে ভাৰতীয় সেনা বাহিনীয়ে দিয়া স্পষ্টিকৰণ সম্পৰ্কে প্ৰকাশ কৰিছে। ভাৰতীয় সেনাই কৈছে যে, কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুৱা অগ্নিবীৰ অজয় কুমাৰৰ নিকটাত্মীয়ক কোনোধৰণৰ ক্ষতিপূৰণ দিয়া হোৱা নাই বুলি দিয়া কিছুমান বার্তা সামাজিক মাধ্যমত দেখিবলৈ পোৱা গৈছে। বাহিনীটোৱে কৈছে যে, ভাৰতীয় সেনাই অগ...

July 2, 2024 6:57 PM

views 69

১৫ জুলাইলৈকে ভাৰত-থাইলেণ্ড যৌথ সামৰিক অনুশীলনৰ ‘মৈত্ৰী কাৰ্যসূচীৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ জোৱানৰ এটা দল থাইলেণ্ডলৈ ৰাওনা

থাইলেণ্ডৰ টাক্ প্ৰদেশৰ ফ'ৰ্ট বাচিৰাপ্ৰকানত চলিত মাহৰ পহিলা তাৰিখৰ পৰা অহা ১৫ জুলাইলৈ অনুষ্ঠিত হোৱা ভাৰত-থাইলেণ্ড যৌথ সামৰিক অনুশীলনৰ ত্ৰয়োদশ সংস্কৰণ ‘মৈত্ৰী কাৰ্যসূচীৰ বাবে ভাৰতীয় সামৰিক বাহিনীৰ জোৱানৰ এটা দল দেশখনলৈ কালি ৰাওনা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে জনোৱা মতে ৭৬ জন জোৱানক লৈ ভাৰতীয় সেনা বাহিনীৰ বেটেলিয়নৰ লাডাখ স্কাউটৰ আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰ সেৱাৰ লোকে প্রতিনিধিত্ব কৰিছে। থাইলেণ্ড সেনাবাহিনীৰ ৭৬ জনীয়া জোৱানৰ দলটোত মূলতঃ প্রথম বেটেলিয়ন, চতুৰ্থ ডিভিজনৰ ১৪ গৰাকী ইনফেণ্টি ৰেজিমেণ্ট...

June 30, 2024 7:44 PM

views 70

দেশৰ পৰৱৰ্তী সেনা মুৰববী হিচাপে জেনেৰেল উপেন্দ্ৰ দ্বিবেদীৰ দায়িত্ব গ্ৰহণ

জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে আজি নতুন দিল্লীত দেশৰ পৰৱৰ্তী সেনা মুৰববী হিচাপে দায়িত্ব গ্ৰহণ কৰিছে৷ উল্লেখযোগ্য যে, ১৯৬৪ চনৰ ১ জুলাইত জন্মগ্ৰহণ কৰা জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ১৯৮৪ চনৰ ১৫ ডিচেম্বৰত ভাৰতীয় সেনাত নিযুক্তি লাভ কৰিছিল। ৪০ বছৰীয়া এই অভিজ্ঞতাপুষ্ট সময়ছোৱাত তেওঁ সেনাবাহিনীৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি আহিছে। ২০২২ চনৰ পৰা ২০২৪ চনলৈকে লেফেটেনেণ্ট জেনেৰেল হিচাপে তেওঁ সেনাৰ দায়িত্ব পালন কৰিছিল৷ ৰেৱাৰ সৈনিক স্কুলত স্কুলীয়া জীৱন সাং কৰাৰ পিছত নেচনেল ডিফেন্স কলেজত কলেজীয়া শিক্ষা গ্ৰহণ...

June 30, 2024 11:59 AM

views 75

২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশ

ভাৰতীয় সেনাৰ শ্বিলঙৰ নিযুক্তি কার্যালয়ে মধ্য অসমৰ ৪খন জিলা শোণিতপুৰ, বিশ্বনাথ, নগাঁও আৰু মৰিগাঁৱৰ বাবে অহা ২৩ জুলাইৰ পৰা ২৭ জুলাইলৈ শোণিতপুৰৰ ষ্টেডিয়ামত অগ্নিবীৰ প্ৰাৰ্থীৰ নিযুক্তি সমাবেশৰ আয়োজন কৰিছে। মিছামাৰীৰ সেনা ছাউনীৰ যশৱন্ত ষ্টেডিয়ামত এই সমাবেশ অনুষ্ঠিত হ'ব। চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহৰ পৰা মে' মাহলৈ সাধাৰণ প্ৰৱেশ পৰীক্ষাত নিৰ্বাচিত হোৱা পৰীক্ষাৰ্থীয়ে এই সমাবেশত অংশ ল'ব পাৰিব। প্রার্থীসকলে ফলাফল তথা অন্যান্য গুৰুত্বপূর্ণ তথ্যৰ বাবে ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইট WWW.JOININDIANARMY.N...

June 8, 2024 1:33 PM

views 64

চত্তিশগড়ৰ বাস্তৰ জিলাত সংঘৰ্ষত ৫টা নক্সালবাদী নিহত

চত্তিশগড়ৰ বাস্তৰ জিলাত কালি সংঘটিত সংঘৰ্ষত ৫টা নক্সালবাদী নিহত হয়। নিহত নক্সালবাদীকেইটাৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰক্ষী বিষয়াই জনোৱা মতে, নাৰায়ণপুৰ আৰু ধনতেৱাৰা জিলাৰ সীমান্ত অঞ্চলত এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। গোৱেলৰ জংঘলত নক্সালবাদী কেইটা লুকাই থকা বুলি তথ্য লাভ কৰাৰ পাছতেই জিলা সংৰক্ষিত বাহিনী আৰু ভাৰত তিববত সীমা আৰক্ষী ITBP য়ে যুটীয়াভাৱে অভিযান চলায়। অভিযানৰ সময়ত গোৱেল জংঘলত সংঘটিত গুলীয়াগুলীৰ ঘটনাত জিলা সংৰক্ষিত বাহিনীৰ তিনিজন জোৱান আহত হয়। জানিব পৰা মতে অঞ্চলটোত এতিয...

May 26, 2024 8:30 PM

views 57

সেনা বাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ কাৰ্যকাল ৩০ জুনলৈ বৃদ্ধি

কেবিনেটৰ নিযুক্তি সমিতিয়ে সেনা বাহিনীৰ মুৰববী জেনেৰেল মনোজ পাণ্ডেৰ কাৰ্যকাল এমাহৰ বাবে অৰ্থাৎ‍ অহা ৩০ জুনলৈকে বৃদ্ধি কৰাৰ বাবে অনুমোদন দিছে। চলিত মাহৰ ৩১ তাৰিখে অৱসৰ গ্ৰহণ কৰিব লগা পাণ্ডেৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছে। ২০২২ চনৰ ৩০ এপ্ৰিলত তেওঁক সেনা বাহিনীৰ মুৰববী হিচাপে নিযুক্তি দিয়া হৈছিল। শ্ৰীপাণ্ডেই ১৯৮২ চনৰ ডিচেম্বৰত ইঞ্জিনীয়াৰিং ক'ৰত নিযুক্তি লাভ কৰিছিল।

May 6, 2024 12:27 PM

views 68

দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাত সন্ত্ৰাসবাদী গোটৰ ২ সহযোগীক গ্ৰেপ্তাৰ

♦ কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰত কালি নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে দক্ষিণ কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ পৰা সন্ত্ৰাসবাদী গোটৰ দুটা সহযোগীক গ্ৰেপ্তাৰ কৰিছে৷ নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীয়ে সেনা আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সৈতে শ্বোপিয়ানৰ আলুৰা ইমাম চাহাব এলেকাত তালাচী চলাইছিল। অভিযানত গ্ৰেপ্তাৰ হোৱা দুই সন্ত্ৰাসবাদীৰ পৰা এটা মেগজিন, ৮জাই সক্রিয় গুলী, চীনত নিৰ্মিত দুটা গ্ৰেণেডৰ লগতে বহু আপত্তিজনক সামগ্রী জব্দ কৰা হৈছে। ইমাম চাহাব আৰক্ষী থানাত ইতিমধ্যে গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত ...