চত্তিশগড়ৰ বাস্তৰ জিলাত কালি সংঘটিত সংঘৰ্ষত ৫টা নক্সালবাদী নিহত হয়। নিহত নক্সালবাদীকেইটাৰ মৃতদেহ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে। আৰক্ষী বিষয়াই জনোৱা মতে, নাৰায়ণপুৰ আৰু ধনতেৱাৰা জিলাৰ সীমান্ত অঞ্চলত এই সংঘৰ্ষৰ সূত্ৰপাত হৈছিল। গোৱেলৰ জংঘলত নক্সালবাদী কেইটা লুকাই থকা বুলি তথ্য লাভ কৰাৰ পাছতেই জিলা সংৰক্ষিত বাহিনী আৰু ভাৰত তিববত সীমা আৰক্ষী ITBP য়ে যুটীয়াভাৱে অভিযান চলায়। অভিযানৰ সময়ত গোৱেল জংঘলত সংঘটিত গুলীয়াগুলীৰ ঘটনাত জিলা সংৰক্ষিত বাহিনীৰ তিনিজন জোৱান আহত হয়। জানিব পৰা মতে অঞ্চলটোত এতিয়াও অভিযান অব্যাহত আছে।
Assamese | June 8, 2024 1:33 PM | Chhattisgarh | Indian Army
চত্তিশগড়ৰ বাস্তৰ জিলাত সংঘৰ্ষত ৫টা নক্সালবাদী নিহত